পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 “উঠা, প্ৰিয়ে, উঠা! আহি হ’ল পায় পায়”
 ―“মহাৰাজ! কিনো হ’ল”? শুধিলে কুঁৱৰী,
 “দোৰ্ঘোৰ বিপদ কিনো? বুজা নাই মই”।
 অলপ নিতাল মাৰি, কলে গদাপাণিঃ—
 “শুনা, প্ৰিয়ে! কাণ পাতি একেথিৰ হই”॥
জয়মতী-“কিশুনিম কাণ পাতি? হ’লো একে থিৰ,
 “কতা একো নাই শুনা? ভাঙ্গি কোৱাঁ মোক,
 “আজলী তিৰুতা, নাথ? কিনো জানো মই?
 “ভাঙ্গি কোৱাঁঁ শীঘ্ৰে মোক, দিয়া কিয় শোক?
 “বিপদ যদিহে মোৰ, একো হানি নাই,
 “নালাগে তোমাৰ মাথো বিপত্তি ঘটিব,
 “মৰিলে মৰিম মই, তৰিলে তৰিম,
 “তোমাৰ বিলাই মাত্ৰ নোৱাৰোঁ দেখিব॥
 “দোৰ্ঘোৰ বিপদ” বুলি বিয়াকুল চিত
 “কিয় হ’লা, প্ৰাণনাথ? কোৱা অভাগীক,
 “তোমাক ব্যাকুল দেখি দহিছে পৰাণ,
 “কোৱা, নাথ! কি বিপদ? নবধা দাসীক॥