তিৰুতাৰ আত্মদান কাব্য/চতুৰ্থ সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিৰুতাৰ আত্মদান কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা
[ ৪৩ ]

চতুৰ্থ সৰ্গ।

কমতাপুৰ ধ্বংস কাব্য (page 3 crop)

“⸻Now I am bent to know
By the worst means, the worst for mine own good,
All cause give way⸻⸻”
    ⸻⸻Shakespeare.
   দিনৰ দুপৰ বেলা দিছে অতি চোকা ৰ’দ,
বলিছে বতাহ লই অগনিৰ তাপ,
গছৰ ডালত পখী লুকায় আঁৰত বহি,
সোমালে গাঁতত আহি বিষধৰ সাপ॥
ব্যাকুল বনৰ পখী উসা লয় ঘনে ঘনে,
পাখী ছুটি মেলি মেলি ঢাকিছে নিজা পোৱালী
বহুত ক্লেশত কাল কৰিছে যাপন,
নিৰৱে ডালত বহি সন্তাপিত মন॥


   হায়! যেন ক্ৰোধ ভৰে আজি প্ৰকৃতি সুন্দৰী
নাশিব খুজিছে জীৱ ভৈৰবীৰ মূৰ্ত্তি ধৰি॥

[ ৪৪ ]

সহিব নোৱাৰি ৰ’দ লেৰেলিলে ফুলনীৰ
ফুলি-থকা বহু ফুল, কুঁহি গছ গছনীৰ॥
 * * * * *
 * * * * *
এনে সময়তে অজি চ’ৰাৰ মাজত বহি
চিন্তা জ্বৰে ল’ৰাৰজা বিয়াকুল হই
কৰিছে মন্ত্ৰণা নানা (শৰযন্ত্ৰ শক্ৰ-মৰা)
বৰুৱা ফুকন আদি সভাসদ লই॥
বুলিলে দুখেৰে ৰজা, “শুনা, হেৰা মন্ত্ৰীসৱ!
“তিনিমাহ গ’ল, ক’তো গদাপাণি নাই!
“কেনি গ’ল? আছে ক’ত? জানো বনৰ মাজত
“একো ঠিক নাই, মই কি কৰোঁ উপায়?
এই যেই বোলে ৰজা, ঠিক এনে সময়তে
এটা চাউডাঙ্গে আহি কৰিলে প্ৰণাম;
বুলিলে হৰিষ মনে, “আৰু একো চিন্তা নাই,
“সৰ্গদেৱ! অতি শীঘ্ৰে গদাপাণি পাম॥

[ ৪৫ ]

“গদাপাণি জয়মতী বনৰ মাজত দুয়ে
“লুকুৱাই আছে দেহা (প্ৰাণ অপােনাৰ)
“আৰু দুটা পালে লগ, যাও পুনু এতিয়াই
“আনােগই ধৰি মই গদাক তোমাৰ॥”
বুলিলে, আনন্দে ৰজা “দিওঁ, মিহি! ধন্যবাদ!
“পুনু ধন্য দিওঁ তােক। দিলো লগ তােৰ
“যত লাগে, শীঘ্ৰে তই যা সেই বনত আজি,
“ধৰি আন চিৰশত্ৰু গদাপাণি মােৰ॥
“দিন তােক মণি মুক্তা সুন্দৰ পােৱাল বহু,
“বহুমূল্য ভাব যাক সকলোৱে কৰে,
“পাতিলম হাজৰিকা গাঁৱৰ মাজত তোক,
“আচৰিম মিত্ৰভাব দুয়াে পৰস্পৰে॥”

এই বুলি ল’ৰাৰজা ৰ’ল কিবা ভাবি চিন্তি,

আচৰিত হ’ল সবে বৰুৱা ফুকন,
ৰজাৰ বচন শুনি কৰুণ সুৰেৰে
বুলিব ধৰিলে সৰ্বজন:---

[ ৪৬ ]

“কি কৰিলে গদাপাণি? অপৰাধ কি তেওঁৰ?
“কোৱাঁ, মহাৰাজ! কিয় হিংসা কৰা তুমি
“তেওঁক ইদৰে তেওঁ নিহিংসে তোমাক,
গদাপাণি সৰলতা-ভূমি॥

“তুমি ৰজা হ’লা বুলি গদাৰ মনত কিন্তু

“নাই একো দুখ, তুমি মাৰিবৰ মনে
“বিচাৰা তেওঁক, হায়! সিকাৰণে গদাপাণি
“পলাই লুকাই আছে বনত গোপনে॥
“থাকোক থাকিব দিয়া লুকাই গদাপাণিক
“ফুৰক পৰ্ব্বতে বনে পলাই-পলাই,
“ৰাজ্য সুখ কৰাভোগ নিশ্চিন্ত মনত তুমি,
“কিয় ভয়? কি অনিষ্ট কৰিছে গদাই?
“কি কৰিব পাৰে গদা? কি ভয় তোমাৰ আছে?
“নিৰ্দ্দোষী গদাৰ প্ৰাণ কিয় মাৰা তুমি?
“নিশ্চয় নহয় গদা কোনোদোষে দোষী, ৰজা!
“তেওঁক কিয়নো শাস্তি দিবা ধৰি আনি?

[ ৪৭ ]

 “মিনতি কৰিছো, তুমি এৰাঁ এই দ্বেষ ভাব,
 “মহাৰাজ! দুৰ্ভগীয়া গদাৰ লগত,
 “নিহিংসে তােমাক গদা, হিংসিছা সদাই তুমি
 “গদাক, ঘৰত কিম্বা ঘােৰ অৰণ্যত”॥

 “কিয় বাধা, মন্ত্ৰী সব”! বােলে ল’ৰা ৰজা,

 “তােমাসৱে আৰু মােক নকৰিবা বাধা,
 “ৰাজ্য সুখ ৰাজ-ভােগ একোৱে নহয়
 “জীয়াই থাকোতে মােৰ চিৰশত্ৰু, গদা॥
 “গদামােৰ মহা শত্ৰু, জীয়াই থকাত,
 “ৰাজ-ভােগ সুখ শান্তি নােৱাৰি ভুঞ্জিব,
 “যেনে তেনে উপায়েৰে লাগিব নিশ্চয়,
 “মন্ত্ৰী সৱ! চিৰশত্ৰু গদাক মাৰিৰ”
মন্ত্ৰীসৱ—“কুলক্ষণে ললে লগ! • নধৰিবা দোষ,
 “মহাৰাজ? ধৰ্ম্মকথা নােৱাৰি নকই,
 “নসহে ঈশ্বৰে এনে কূট অত্যাচাৰ
 “অদোষত, ৰজা! তুমি জানিবা নিশ্চয়”॥

[ ৪৮ ]

এই বুলি সকলোটি ৰ’ল পুনু মনেমনে,
উঠিল ৰজাৰ খঙ্গ অগ্নি-মূৰ্ত্তিমান,
সভাভাঙ্গি গ’ল সবে নিজা নিজা ঘৰে
অথিৰ ব্যাকুল মন প্ৰাণ॥
লাহে লাহে সূৰ্যদেৱ ললে ভাটী ফালে ধাল,
হ’ল আহি ধীৰে ধীৰে আবেলি সময়,
ওলালে এনেতে মিহি বিচাৰি গদাক
অৰণ্যৰ ফালে অজ্ঞা লই॥
পোন্ধাৰ কি ষোলজন গ’ল তাৰ লগ লাগি,
মদৰ জ্বালত সৱে উনমত্ত প্ৰায়!
নগনে কাইট বন, নগনে অৰণ্য
হাবি বন চিঙ্গি ভাঙ্গি যায়॥