পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তোমাৰ মৃত্যুত, নাথ! হানি আহোমৰ
“(আহোম-ৰাজ্যৰ) কোনে দমাব বিপ্লৱ?
“পলোৱাঁ পলোৱাঁ, নাথ! অকালত হায়! তুমি।
“জীৱনৰ ৰঙ্গাবেলি নিনিয়াবা মাৰ।
“গোলাপ গছৰ, হায়! গোলাপ কলিটি,
“নউ ফুলোতেই, ঠাৰি নিচিঙ্গাবা তাৰ!!”

১০

কুঁৱৰীৰ কথা শুনি বিয়াকুল গদাপাণি

কি কৰিব নকৰিব হ’ল যে বিমোৰ।
কিৰূপেনো যায় এৰি পৰাণৰ প্ৰাণ
জয়মতী আঁউসীৰ জ্বলি থকা জোৰ?
অনায়াসে সকলোকে যাব পাৰি ত্যাগ কৰি,
সহজেই তিয়াগিব পাৰি জানো, হায়!
পৰাণৰ প্ৰিয়তমা? হৃদয়ৰ ধন
যাতকই শ্ৰেষ্ঠধন জগতত নাই?