পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “কোমল তোমাৰ দেহ, ভৰি সুকোমল,
 “অৰণ্যৰ মাজে মাজে কিৰূপে ফুৰিবা?
 “পলাই সাৰিম মই, উঠিম গছত গই
 “পৰ্ব্বতৰ টিঙ্গে টিঙ্গে ফুৰিম বগাই;
 “কিন্তু, প্ৰাণেশ্বৰি! তুমি বিৰূপে উঠিবা?
 “কি কৰি লুকাবা দেহা শক্ৰ দেখা পাই?”
জয়মতী–“বেটীৰ নিমিত্তে, নাথ! নালাগে ভাবিব তুমি
 “অৱলা তিৰুতা মোক একোকে নকৰে;
 “তোমাৰ শতুৰু ৰজা, তুমি বৈৰী তাৰ
 “শক্ৰৱেহে শতুৰুক লগ পালে ধৰে॥”

 এইদৰে কতৰূপে কত ক’লে জয়মতী

 গদাপাণি কিন্তু, হায়! নাযায় পলাই,
 দোৰ্ঘোৰ বিপদ দেখি ক’লে কুঁৱৰীয়ে
 স্বামীৰ পাৱত ধৰি ইনাই-বিনাইঃ—
 “নবধিবা প্ৰাণ, নাথ! মোৰ (চিৰ দুখিনীৰ)
 “ইমানতে সাৰাঁ তুমি, মোৰে মূৰ খোৱাঁ!