পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গদা―“শুনানো নাইনে, প্ৰিয়ে। মানুহৰ মাত ঐ
 “নিৰ্জ্জন বনত এই ৰাতি দুপৰত?
 “পঠাইছে কটোৱাল (১) ল’ৰাৰজা জানো
 “ধৰিব গদাক, প্ৰিয়ে! এই অৰণ্যত!!
 “কতনো যতন কৰি প্ৰাণৰ মায়াত ঐ
 “পলাই ফুৰিলো, কিন্তু, ক’তা? নাসাৰিলো!!
 “কিজানি পৰিলো ধৰা ইমান দিনত,
 “জানো আজি, প্ৰিয়তমা! পৰাণে মৰিলো॥"

 স্বামীৰ কথাশুনি বিয়াকুল জয়মতী

 হুক্ হুক্ কৰি শোকে কান্দিব ধৰিলে,
 ধৰি বান্ধি চাউডাঙ্গে নিব স্বোৱামীক
 এই ভাবি শোকে বাণী বুলিব ধৰিলেঃ―
 “সাৰাহে পলাই, নাথ!আৰু নকৰিবা বেলা,
 “আহি পায়-পায় হ'ল নিষ্ঠুুৰ কোটাল,

(১) “চাউডাঙ্গ’ৰ সলনি ব্যবহৃত হৈছে।