সমললৈ যাওক

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লাহে লাহে চাউডাঙ্গে পালেহি ওচৰ আহি!
কুঁৱৰীৰ কাকৃতিত প্ৰাণৰ মায়াত
বিয়াকুল মনে, টুকি চকুলো চকুত
পলাই লুকালে গদা বনৰ মাজত॥
সোৱামী সাৰিল জানি দুখুনী কুঁৱৰী ধীৰে
এৰিলে কান্দোন, হায়! নিৰৱে মনত
হৃদয়ৰ তুঁহ জুই ফুঁৱাই ফুঁৱাই
ওলোমালে, চকুপানী চকুত শোকত॥

—–—