তিৰুতাৰ আত্মদান কাব্য/ষষ্ঠ সৰ্গ
নাই আৰু গদাপাণি, নাই ক’তো ছিন-বন,
অকলে অকলে কান্দি আছে জয়মতী;
এনেতে মিহিয়ে আহি ধৰিলে হাতত
নেৰিলে, কতনো ৰাণী কৰিলে মিনতি॥
কাকূতি মিনতি কৰি ক’লৈ কুঁৱৰীয়ে কান্দি:—
“তিৰুতা মানুহ মই, কিয় ধৰ মোক?
“মইটো নহওঁ তোৰ শতুৰু ৰজাৰ?
“এৰিদে এৰিদে মোক, মাতোঁ মই তোক॥
“অৱলা তিৰুতা মই কাৰো ক’তো একো হানি
“নাই কৰা কোনোকালে জ্ঞান-বিশ্বাসত;
কিয় মিছা ধৰ মোক কৰিছোঁ মিনতি,
কটা ঘাত চেঙ্গা তেল নিদিবি প্ৰাণত॥
“জনম অন্তৰি মই ভুঞ্জিলো বহুত দুখ,
“নুশুকালে চকুপানী সৰু বয়সৰ।
“ভাগ্য আকাশৰ পৰা নুগুছিলে মোৰ
দুখ শোক সন্তাপৰ কলীয়া ডাৱৰ
“আজি দিনাৱধি, মিহি! ভাগ্যৰ ফেৰত মোৰ
“নাই দেখা দুচকুৰে শান্তি সংসাৰৰ॥
“অমিয়া মধুৰী সুখ কাকেই বা বোলে,
"পোৱা নাই আজিল’কে মোৰ জীৱনৰ॥
“কান্দোতে কান্দোতে, হায়! টোকোতে চকুৰ পানী
"অন্তৰত তুঁহু জুই থাকোঁতে ফুঁৱাই
“জীৱনৰ আদখিনি শেষ হ’ল মোৰ।
তথাপি নাপালো সুখ কপালত নাই॥
“প্ৰজাৰ তিৰুতা হ’লো কুঁৱৰীৰ নাম ল’লো
“ৰাজ ভোগ কিন্তু হায়! “নহ’ল ভাগ্যত;
“তথাপি নকৰি দুখ, দুষী কপালক;
“স্বামীয়ে সইতে আহি সােমালাে বনত॥
“কিন্তু হায়! অভাগীৰ (অদৃষ্ট দোষতে জানাে)
“পতি-সঙ্গ-সুখ তাকো নাপালো নহ'ল!
“পলাই লুকালে নাথ এৰি দুৰ্ভাগীক;
“দময়ন্তী এৰি যেনে সত্যযুগে নল॥
“কাবউ কৰিছোঁ, মিহি, এৰিদে এই অভাগীক;
“জুৰিছে ইমানে, আৰু দুখ কিয় দিয়?
“কাৰো নােহে অপকাৰী অৱলা তিৰুতা,
“ধৰি বান্ধি আজি মােক কি কাৰণে নিয়?
“বনৰ হৰিণী মই, এৰিলে বনত চৰোঁ
“বনে বনে ফুৰি মই কটাও জীৱন;
“নােহে কাৰো অপকাৰ অভাগীৰ পৰা;
“মিছা অত্যাচাৰ মােক কৰ কি কাৰণ?
“এৰিদে বনত, মই গছৰ ডালত বহি
“বনৰ পখীৰ সুৰে সুৰটি মিলাই,
“শােকগীত গাই গাই বনৰ মাজত
“হৃদয়ৰ শোক-তাপ থওঁ আঁতৰাই।
“এৰিদে নকৰো মই কাৰো, ক’তো অপকাৰ
“আহোম ৰাজ্যত আহি আৰু নোসোমাওঁ;
“ৰাজ্য-সুখ ৰাজ-ভোগ আৰু নিবিচাৰোঁ,
“কিয় মিছা ধৰ মোক? এৰদে গুছি যাওঁ
২
কাকূতি মিনতি কৰি বুলিলে মিহিক,
কিন্তু, হায়! তাৰ সেই কঠুৱা হৃদয়
নহ’ল কোমল! এৰি নিদিলে ৰাণীক
পৰ্ব্বতৰ শিলগুটি কতনো বছৰ থাকে
পৰি পৰি পৰ্ব্বতৰ নইৰ পানীত
তথাপি অলপো হায়। নহয় কোমল,
পমিব কি কান্দোনত কঠুৱাৰ চিত?
দেখিলে কি চকুপানী লোকৰ চকু দুটিৰ
কঠুৱাৰ দুচকুৰে চকুলো টুকিব
ইননি-বিননি শুনি কঠুৱা মিহিয়ে।
আজিনে কি কুঁৱৰীক ধৰি এৰি দিব?
৩
কঠুৱা মিহিয়ে চাই বুলিলে ৰাণীক;
“এৰি দিব পাৰোঁ তোক, যদি তই দিয়
“ধৰি আনি গদাপাণি তোৰ সোৱামীক॥
“নহলে, দে দেখুৱাই গ’ল কেনি তোৰ
“গদাপাণি কুলাঙ্গাৰ ৰাজ্যৰ কাঁইট;
“নতুবা, জানিবি তোৰ আদৰৰ দেহা
“ওলমিব কাইলই পুৱা বৰশীত॥
“যদি দিয় দেখুবাই স্বামী আপোনাৰ॥
“আদৰৰ প্ৰাণ লই থাকিবি জীয়াই,
“নহ’লে জানিথ, তোব, নাথাকে পৰাণ;
“মিহিৰ হাতত তোৰ আৰু ৰক্ষা নাই॥
‘‘জীৱন মৰণ আজি নিজৰে হাতত,
“ৰাখিব খুজিলে ৰাখ প্ৰাণ আপোনাৰ;
কিয়নো চিঙ্গাৱ তই অকালত তোৰ
জীৱনৰ ফুল দেহা কোমল লতাৰ”?
৪
“মইটো যাওতে তেওঁ নাই পোৱা দেখা!
“পোৱা হ’লে দেখা, মই কই দিলো হয়,
মিহি! তোৰ হৃদয়ত নাইনেকি বেথা?”
মিহি—“নাই বেথা, নাই দয়া, মই মিহি চাউডাঙ্গ
“নিষ্ঠুৰ আমাৰ জাতি জানে জগতত॥
“সঁচা কথা যদি তই নকৱ আমাক,
“ব’ল তোক লই যাওঁ ৰজাৰ কাষত॥
“* * * * *
“* * * * *”
৫
মিহি চাউডাঙ্গ হ’ল বনৰ বাহিৰ;
সোৱামী সাৰিল জানি দুখুনী কুঁৱৰী
প্ৰবোধিলে আপোনাৰ হৃদয় অথিৰ॥