পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

দীঘল পাতেৰে যত আছে বহু তাল,
ৰদৰ তাপত পকে খাজুৰ ৰসাল;
নীল সাগৰত থকা মাজুলী বোৰত,
সুন্দৰ সুগন্ধি নানা ফুল ফুলে যত;
ফুলাম পাখিৰে যত পক্ষীবোৰ উৰে,
শুৱলা মাতেৰে গীত গাই গাই ফুৰে;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়,-নহয় তাত সাদৰী সোণাই।

তেন্তে কি সি ঠাই, আই, দূৰ অতিশয়,
সোণালী বালিৰ মাজে নৈ যত বয়;
চৰিছে জেউতি যত পদ্মৰাগ মণি,
পোহৰে হীৰাই যত নিৰজন খনি;
পোৱাল-বন্ধোৱা পাৰ নীল সাগৰৰ,
আছে যত শোভা কৰি মুকুতা-আকৰ;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।

চকুৰে নেদেখি সোণ, সি সুখৰ স্থান,
কাণেৰে নুশুনি তাৰ আনন্দৰ গান;