পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)


২৬

সঁচাকৈয়ে গলি তই
 মুদিলি নয়ন,
সঁচাকৈয়ে ললি তই
 অনন্ত শয়ন।

২৭

খন্তেকীয়া ছায়াবাজী
 ধূলি-ধেমালিৰ,
অন্ত হল খন্তেকীয়া
 হাঁহি মানবীৰ।

২৮

হেৰাঁ দীননাথ তুমি
 দয়াৰ আধাৰ,
পূৰোৱাঁ প্ৰাৰ্থনা এই
 দীন অভাগাৰ।

২৯

সংসাৰ ফুলনি-বাৰী
 তোমাৰ বিহাৰ-থল,
অকালে সৰিল এটি
 তোমাৰ পবিত্ৰ ফুল।