পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)
২২

ঢাকিলে বিষাদ-মেঘে
 সুখৰ সংসাৰ,
বায়ু-সাগৰক ভেদি
 উঠে হাহাকাৰ।

২৩

অনন্তৰ এটি জীৱ
 দুদিনলৈ আহি,
লুকাল অনন্ত গৰ্ভে
 দুদিনলৈ হাঁহি।

২৪

ৰল দুদিনীয়া স্মৃতি
 বলম-কাষৰ,
দুহাত কাপোৰ বগা
 মৰিশালি-ঘৰ।

২৫

ওঁ’ বুলি গলি তই
 প্ৰাণৰ ভনীটি,
ন্দি মৰে পৰিয়ালে
 নেচালি উলটি।