পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )
৩০

তোমাৰ সন্তান প্ৰভু,
 তুমি নিছাঁ কাঢ়ি,
সুখৰ ঠাইত ৰাখি
 দিবা শান্তি-বাৰি।

⸺⸺
 
সুখৰ ঠাই।
(“The Better Land” নামে ইংৰাজী কবিতাৰ ভাঙ্গনী। )

শুনিছোঁ সুখৰ ঠাই তোমাৰ মুখত,
কোৱাঁ আই, কোৱাঁ সেই ঠাই আছে কত্‌?
কোৱাঁ সি জিউতি-ভৰা দেশ কত বাৰু,
আমি নো বিচাৰি তাক নাপাম নে আৰু?
কমলাৰ ফুল যত অলেখ ফুলিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে;
তাতে নে সুখৰ ঠাই, কোৱাঁ মোক আই?
—নহয়, নহয় তাত সাদৰী সোণাই।