পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

তৰা-বচা পাখিবোৰে নিশাৰ শুৱনি,
যেতিয়া ধৰেহি ঢাকি আকাশ অৱনী,
পৰে যেন কলা এটি চৰাই ধুনীয়া,
গোটগায়ে গুটি ফুল সোণ-বৰণীয়া।
স্বৰগৰ তৰা আৰু পবিত্ৰ আন্ধাৰ,
অলেখ অসীম মহা মহিমা তোমাৰ।

গাভৰু বসন্ত আহি হলে উপস্থিত,
তোমাৰ সুদৃষ্টি পৰি ফুলে ফুলনিত,
বসন্তৰ যত ফুল ধুনীয়া ধুনীয়া,
গোন্ধতে আমোলমোল নানা বৰণীয়া।
জিলিকে জেউতি তযু যেই পিনে চাওঁ,
সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ।

⸺⸺
কৰ্তব্য।

টোপনি-জালত মই দেখিলেঁ সপোন,
ভাবিলোঁ মাধুৰীময় মানবী জীৱন।
সাৰ পাই উঠি দেখোঁ সকলোটি ভুল,
কৰ্ত্তব্য-সাধন মাথোঁ জীৱনৰ মূল।
উচৰ্গিব পাৰোঁ যদি ক্ষুদ্ৰ ই জীৱন,
মানুহৰ সেৱা আৰু হিতৰ কাৰণ,