সমললৈ যাওক

পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২২ )

সপোনৰো অগোচৰ সি সুখৰ ঠাই,
ৰোগ, শোক, জৰা, মৃত্যু, সি দেশত নাই;-
বিনাশী কালৰ তাত অধিকাৰ নাই,
আকাশৰ ওপৰত সি সুখৰ ঠাই;
অমৰ সৌন্দৰ্য তাত বিৰাজে সদাই,
চিৰ সুখ, চিৰ শান্তি, সাদৰী সোণাই।

⸺⸺
 
বলম।
(এখন সৰু নৈৰ নাম। )

লাহে লাহে কত কথা মনোমাজে উদিছে,
অতীতৰ কত স্মৃতি অহা-যোৱা কৰিছে।
  বলমৰ দলঙ্গত,
  বহি মই হৰিষত,
এদিন সন্ধিয়া বেলা নিজঞ্জাল মনেৰে,
প্ৰকৃতিৰ শোভা চালোঁ অতি হাবিয়াহেৰে।
  কত লৰালিৰ কথা,
  অভিমান, মনোব্যথা,
সমনীয়া বন্ধুলেগে ৰং মনে ফুৰিলোঁ,
কত খেলা খেলি দিন আনন্দত যাপিলোঁ।