পৃষ্ঠা:জিলিকনি-আনন্দচন্দ্ৰ আগৰৱালা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)
১৪

পল পল দণ্ড কৰি
 কাল বই যায়,
নিৰদয় কালে কাৰো
 মুখলৈ নাচায়।

১৫

অমৰণ অভগন
 আদি-অন্ত হীন,
কালৰ গৰ্ভত জীৱ
 হই যায় লীন।

১৬

কদম, কেতেকী, জাঁই,
 গোলাপ, বকুল,
নিশা নিয়ৰত ফুলে
 আৰু যত ফুল,

১৭

কালৰ সঙ্কেতে ধ্বনি
 শুনি চমকিত,
উটি যায় মৰণৰ
 ঢউ-ধেমালিত।