ন্যায়-ফুকন।— ধৰিছাঁ স্বৰূপ;
এৰা নাই মহাপাপে কুমন্ত্ৰীক আজি।
হইছে উম্মত্ত তেওঁ, দিন তিনি-চাৰি;—
ভাবে কিবা, কিবা কয়, প্ৰলাপ সমূলি।
নাই ক্ষুধা, নাই তৃষ্ণা, নাযায় টোপনি।
দিঠকে সপোন দেখে।
ন্যায়-ফুকন।— আৰ্জিলে ভুঞ্জিব লাগে বিধিৰ বিধান।
ৰজা হই এই ৰীতি নোৱাৰে লঙ্ঘিব।
বেজবৰুৱা।— এৰোঁ পাপ কথা।
ন্যায়-ফুকন।— নাই পুণ্য কবলই!
এৰিছে সি পাপ-ৰাজ্য জয়মতী স’তে।
আছে মাথোঁ, পাপ-তাপ, শোক-দুখ, যত
কুমন্ত্ৰণাৰ ফল। লৰামতি লৰাৰজা
হাতৰ মুঠিত লই ঘটালে জঞ্জাল;
ৰাজ্য জুৰি বিয়পালে অশান্তিৰ ঢউ,
ঘাই-মন্ত্ৰী বাব লই দীঘলা আপই।
ভুঞ্জিছে নিকাৰ তাৰ ঘোৰ আশঙ্কাত,
গদাপাণি ঘূৰি অহা ভাবি। জানে তেওঁ,—
তেওঁতেই প্ৰথমতে পৰিব আক্ৰোশ,
পাপৰ প্ৰাশ্চিত্ত আৰু কৰিব আদায়;
সেই ভয়ে বিচলিত কৰিছে আপক,
কৰিব বিতত আৰু চাপেমানে কাষ
ভয়ংকৰ প্ৰতিশোধ দিন। ঠিক
দেখিছে সপোন, ঘোৰ বিভীষিকায়।