পৃষ্ঠা:জয়মতী.pdf/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় গৰ্ভাঙ্ক।

কলিয়াবৰ,—ৰণকোঁঠ।
⸻•⸻
(বৰগোহাঞি ডাঙ্গৰীয়া, সলালগোহাঞি, জাগিয়াল গোহাঞি, মহিয়াল
বৰুৱা, বৰা, শইকীয়া, হাজৰিকা ইত্যাদি)।

স: গো:।— ভীষণ বাতৰি অহ!
 পৰিছে কাণত আহি, নগৰৰপৰা।
 শুনি হিয়া বিদৰিছে হাঁয়!—কবলই
 সত যোৱা নাই।

জা: গো:।— কিনো সি বাতৰি?
 কিয় বা বিদৰে হিয়া?

ব: বৰুৱা।— দিয়াচোঁ আভাস,
 নিদিয়াঁ যদিহে বাৰু আঁতিগুৰি মাৰি
 পূৰ্ণ বিৱৰণ তাৰ।

হাজৰিকা।— সঁচা, উগুল-থুগুল
 লাগিছে মনত, কিনো কথা কিনো বাৰ্ত্তা
 শুনিবৰ হেতু।

শইকীয়া।— লাগিছে আমাৰো তেনে।

বৰা।— লাগিছে আমাৰো।

বৰ গো: ডা:।—ডালতকৈ চৰে দেখোঁ পাত!
 কবলই ধৰোঁতেই অত অনা-গুণা;
 কলে জানো বাঢ়ি যায় আৰু কুঁহিপাত?

১৩