পৃষ্ঠা:জয়মতী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৯
জয়মতী

নসহে প্ৰাণত!—নোৱাৰোঁ থাকিব চাই
নিলগে নীৰলে, ভয়াতু জনৰ প্ৰায়!
দুৰ্ব্বলচিতীয়া লৰা, ৰজা পাতি লই,
দুৰ্ম্মতি মন্ত্ৰীৰ দলে বিষয়া সইতে
পক্ষাপক্ষ দলাদলি ঘটাই ৰাজ্যত,
হুলস্থূল হাহাকাৰ অশান্তি চৌপাশে
ঘটাইছে ৰাজ্যজুৰি!— হাটে-বাটে ঘাটে,
সবাৱৰে মুখে মাথোঁ অত্যাচাৰ কথা!
দুষ্টৰ দমন আৰু সন্তৰ পালন,
উলটিল ৰাজনীতি আহোম ৰাজ্যত!
অজ্ঞানত ৰতি আৰু জ্ঞানত বিৰক্তি,
পাপৰ উত্থান আৰু পুণ্যৰ পতন,
ৰাজ্যৰ লক্ষণ আজি ইন্দ্ৰ-বঙহৰ!
ধিক মোৰ জীৱনত,— ধিক! ধিক্!! ধিক!!!
—সহি অত অধৰম, অন্যায় শাসন,
আছোঁহি লুকায়! (মৌন)
অনাথ সন্তান দুটি
পৰিছে মনত আৰু। কাপুৰুষ মই;—
দিছোঁ এৰি, নিৰ্ব্বিবাদে পীড়িছে প্ৰিয়াক,
মোৰ হন্তে অবাবত! ৰাজ্য এৰি হাঁয়,
অকলে আহিলোঁ, অকলে পৰাণ মোৰ
বচাবৰ গুণে! ধিক্‌ এই জীৱনত,
ধিক্কাৰোঁ শতেক। ধিক্ এই বাহুবল,
ধিক্ আৰু বীৰ নাম লাঞ্ছনাৰ হেতু!