পৃষ্ঠা:চিন্তা-কলি.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
চিন্তা-কলি।

দেখোঁ যে, মই দেৱালয়ত শিলটোৰ ওপৰতে বহি আছোঁ। মোৰ চাৰিওফাল ঘোৰ আন্ধাৰ, কতো এটি প্ৰাণীও নাই, বাদুলি কিছুমান মাখোন চাৰিওফালে উৰাউৰি কৰিব লাগিছে। মই বিস্ময় মানিলোঁ, আৰু তাৰপৰা উঠি ঘৰলৈ গলোঁ।

 এতিয়া মোৰ ভুল ভাগিছে। হে হংসৰাজ। মই এতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ, মই কোন, মই কৰ, কব পাৰোঁ। হায়! মোৰ আচল ঘৰ কেতিয়া পাম? মোৰ বিনন্দীয়া দেশ কেনেকৈ হেৰুৱালোঁ?