পৃষ্ঠা:চিন্তা-কলি.djvu/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৯
চিন্তা-কলি৷
 

আনন্দ এই জিনি বস্তুৰ সমষ্টি আছিলোঁ, এই তিনিৰ বাহিৰে মোত আন বস্তু নাছিল। মোৰ শৰীৰৰ ভাৰ নাছিল, শৰীৰ বতাহ যেন পাতল আছিল। মই গোটেই দেশ জিনি আছিলোঁ। পানী যেনে পুখুৰী ভৰি থাকে, বতাহ যেনে দেশ ভৰি থাকে, সেইদৰে ময়ে দেশ ভৰি আছিলোঁ। মোৰ ইচ্ছাময় দেশ, ইচ্ছাত সকলো হয়, সকলো জন্মে, আৰু সকলো নোহোৱাও হয়। এই বিনন্দীয়া দেশত মোৰ ঘৰ, এই আপুৰুগীয়া ঠাইত মোৰ বাস, ইয়াতে মোৰ বিনন্দ-বিলাস গৃহস্থালি আছিল।

 এদিন হঠাৎ বিকাৰ, হঠাৎ পোহৰ দেশ আন্ধাৰ হল, ফৰকাল দেশত ঘন কুঁৱলিয়ে দেখা দিলে। মই একো নেদেখা হলোঁ। দেশ ভৰি থকা মই কোঁচ খাই সৰু হলোঁ। এটি খুদ বা অণু বা পৰমাণু যেন হলোঁ। নহয়, তাতোকৈ সৰু হলোঁ, ইমান সৰু হলোঁ যে, মই কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মুঠতে কব লাগিলে মই বিভাগবিবৰ্জ্জিত বা অবিভাজ্য হলোঁ। মোৰ স্থিতি, চেতনা আৰু আনন্দ তিনিও সেই সৰু বস্তুত সোমাল। তাৰ পাছে কি হল আৰু মই কব নোৱাৰোঁ, আৰু আছিলোঁ নে নাছিলোঁ মোৰ মনত নাই। মোৰ জ্ঞান হেৰাল।

 মই আকৌ হঠাৎ সাৰ পালোঁ। মই এতিয়া সেই দেশত নাই। এতিয়া যত আছোঁ, ই ভিন দেশ, ই দেশ নহয়, বিদেশ। ইয়াত মোৰ দেশৰ একো নাই, ইয়াত সকলো ভিন,