পৃষ্ঠা:চিন্তা-কলি.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৮
চিন্তা-কলি৷
 

পৰ্ব্বত নৈ সকলো একেতিলে অন্তৰ্দ্ধান হল, আৰু মই গৈ কতবা এখন নতুন দেশত ওলালোঁ। সেই দেশত ওলােৱা মাত্রেই মােৰ পূৰ্ব্বৰ কথা সকলো মনত পৰিল। সমাজিকৰ পৰা সাৰ পালে যেনে সমাজিকৰ ভুল চাঁৎ কৰে ভাগে, আৰু নিজৰ সংসাৰৰ আচল কথাবােৰ ফট্‌ফটীয়াকৈ দেখা যায়, নতুন দেশখনত ওলাই ময়াে সেইদৰে সমাজিকৰপৰা সাৰ পােৱা যেন পালোঁ, আৰু মােৰ পূৰ্ব্বৰ জীৱনী গােটেই ফট্‌ফটীয়াকৈ মনত পৰিল। মনত পৰিল যে, নতুন দেশখনহে মােৰ আচল পুৰণি দেশ। মই তাত কেনেকৈ আছিলোঁ, তাত মােৰ অৱস্থা কেনে আছিল, কেনেকৈ মই আহি পৃথিবীত ওলালোঁ, এই এটাইবিলাক কথা মনত পৰিল। তাত মােৰ আই বােপাইকো দেখিলোঁ। পূৰ্ব্বে মই যেনেকৈ তাত আছিলোঁ, তেওঁলােক তেনেকৈ আছে। তেওঁলােকে মােক দেখি কলে, “ইয়াতহে তােমাৰ আচল ঘৰ। আমাৰো ঘৰ ইয়াত, কেৱল ঘটনা-সূত্ৰত বান্ধ খাই দুদিনলৈ পৃথিবীলৈ গৈছিলোঁ। আমি ঘূৰি আহিলোঁ, কিছুমান দিনৰ পাছে তুমিও আহিবা।” তাত মই আৰু অনেক আগৰ চিনাকী মানুহ পালোঁ আৰু তেওঁলােকৰ লগত কথা হলোঁ। মই আজিলৈকে পৃথিবীত বন্ধ হৈ থকা বাবে তেওঁলােক এটাইবিলাকে মােক পুতৌ কৰিলে। এইদৰে চাই ফুৰোঁতে আৰু কথা হওঁতে হওঁতে হঠাৎ মােৰ কিবা হল, সেই দেশখন পলকতে নােহােৱা হল, মানুহবােৰে অন্তৰ্দ্ধান হল। তেতিয়া