পৃষ্ঠা:চিন্তা-কলি.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
চিন্তা-কলি৷

কিছুমান ভুল খন্তেকীয়া, সিহঁতৰ ফলাফল তেতিয়াই উপজি তেতিয়াই মাৰ গল; কিন্তু কিছুমান যুগমীয়া, সিহঁতৰ ফলাফলে জীৱনৰ সাঁফি লৰাই দিয়ে, বাকী জীৱনৰ গতি আন এফালে পোনাই দিয়ে। মই যত উঠিব লাগিছিল বা উঠিব খুজিছিলোঁ, বাটৰ ভুলৰ নিমিত্তে তাত উঠিব নোৱাৰি আন ঠাইত উঠিছোঁ। মোৰ আগত যোৱা কিছুমান মানুহে বাটত তেনেবিলাক ভুল কৰা নাছিল, সেই দেখি তেওঁলোক ভাল ঠাইত উঠিছে। বাটৰ ভুলবোৰৰ নিমিত্তে মোৰ এতিয়া মাজে মাজে অনুতাপ অনুশোচ হয়, কিন্তু হলে কি হব। সেই ভুল শুধৰণিৰ বাজ। জীৱনৰ বাকী পথ ডোখৰত আৰু তেনে ডাঙৰ ভুল নহলেই ৰক্ষা। আন কিছুমানতকৈ যে মোৰ ভুল কম হৈছিল ই নিশ্চয়, কিয়নো, মই সিহঁততকৈ সুখে আছোঁ। বাটৰ ভুল এতিয়াও এটাইবিলাক দেখা পাইছোঁ নে নাই মই ভালকৈ বুজিব পৰা নাই। বোধ কৰোঁ এটা ভুল কতবা লুকাই আছে। মনত তাৰ ফলৰ গম পাওঁ, কিন্তু ভুলটো ধৰিব নোৱাৰোঁ। বোপাই মৰিবৰ দিনা কিহবাই মোৰ মনত এটা খুন্দা মাৰিছিল বা চিকোট মাৰিছিল। সেই খুন্দা বা চিকোটৰ বিষ এতিয়াও মাজে মাজে উক্ দিয়ে। কিহে খুন্দিয়ালে, কিহে চিকুটিলে মই ভাবি চিন্তি উলিয়াব পৰা নাই, উলিয়াব পাৰিলে এই ভুলটো সংশোধন হলহেঁতেন। অথবা এইটো ভুল নহয়, মনুষ্যজাতিৰ বা জীৱজাতিৰ ভুল বা প্ৰকৃতিৰ গুপ্ত কথা; সি যেইবা নহওক,