পৃষ্ঠা:চিন্তা-কলি.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
চিন্তা-কলি৷

আহিলোঁ। বোপাই মৰাৰ পাছত মই বুজিব পাৰিলোঁ যে, আই বোপাইৰ দৰে পৃথিবীৰ সকলো মানুহ মৰে, অকল মানুহ নহয়, সকলো প্ৰাণী মৰে, ময়ো এদিন মৰিম, প্ৰাণীবিলাক পৃথিবীত সদায় নাথাকে, কিছুমান দিন থাকি কৰবালৈ যায়।

 বোপাই মৰিবৰ দিন ধৰি মই জীৱনপথত অকলশৰে চলি আছোঁ, আজি বহুত দিন চলি আছোঁ। বিদ্যা-বুদ্ধিৰ গুণত মোৰ সাংসাৰিক সুখৰ আহিলা বহুত গোট খাইছে। মোৰ একোৰে নাটনি নাই। মই পৰম সুখত আছোঁ। বহুত বাট গলে মানুহৰ পাচলৈ উলটি চাবৰ মন যায়, মোৰো মন যায়। মই জীৱনৰ বাটটো মাজে মাজে উলটি চাওঁ, চালে দেখোঁ যে, মোৰ পাচত বহুত প্ৰাণী আহিব লাগিছে। জীৱনৰ বাটত বহুত সন্ধি আছে। মই কৌশলেৰে সেই সন্ধিবিলাকৰ হাত এৰাই সুকলমে আহিছোঁ। কিন্তু মোৰ পাচত অহাবিলাকৰ ভিতৰত দুই-চাৰি জন সন্ধিত পৰিছে আৰু নিকাৰ ভুঞ্জিছে। উলটি চালে আৰু দেখা পাওঁ যে, সন্ধিৰ ঠাইবিলাক গুপ্ত ঠাই, সহজে দেখা নাযায়। এতিয়া জানিব পাৰিছোঁ যে, বাটত মোৰ বহুত ভুল হৈছে। বাটত মোৰ যি কষ্ট হল সি কেৱল সেই ভুলবোৰৰ নিমিত্তে আৰু ভুলবোৰৰ ফলাফল এতিয়াও মোৰ জীৱনত আছে। মই মাজে মাজে ইয়াৰ আগেয়েও উলটি চাইছিলোঁ আৰু বাটৰ ভুল দেখিছিলোঁ, বাকী বাটত কিছুমান ভুল শুধৰালোঁ, কিন্তু সকলোবোৰ শুধৰাব নোৱাৰিলো।