পৃষ্ঠা:চিন্তা-কলি.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
চিন্তা-কলি

দোকোলটঁকা, পানীৰ বেগ দেখিলে ভয় লাগে। অসীম অসংখ্য ইকৰা খাগৰিৰ জাঁজি লৈ মহা বলী ব্ৰহ্মপুত্ৰ ফেনে ফোত্‌কাৰে, হুঙ্কাৰ ছাৰি, পাছলৈ উলটি নোচাৱাকৈ যাব লাগিছে। কোনো কোনো ঠাইত শিলত পানী পৰি হুলস্থূল লাগিছে। দেৱালয়ৰ অৱস্থা এতিয়া জীৰ্ণ, নাটমন্দিৰ, জগমোহন কোনবা কালতে ভাগি গৈছে। নাটমন্দিৰৰ পকা ভেঁটিটো মাথোন আছে, আৰু দেৱতাৰ আচল মন্দিৰটো আছে। ভাগি যোৱা ঘৰৰ ইটা আৰু শিলবোৰ চাৰিওফালে লাং লাং থাং থাং হৈ পৰি আছে, যেন কোনবা ভীমপৰাক্ৰমী দৈত্যই সকলোকে ভাঙি ছিঙি দলিয়াই পেলাইছে। ই কালদৈত্যৰ কুকীৰ্ত্তি। দেৱালয়ৰ চাৰিও মেৰে ইটাৰ গড়, পুৰীৰ ভিতৰত সোমালে বাজৰপৰা কেও দেখা নেপায়। নাটমন্দিৰৰ পকা ভেঁটিৰ এচুকে এটা সুন্দৰ নিমজ চাৰিচুকীয়া শিল পৰি আছে। মই সেই শিলটোতে বহিলোঁ। তাৰ পশ্চিমৰ ফাললৈ চালে লুইতৰ এডোখৰ দীঘল দেখা যায়, বোধ হয় যেন নৈ খন পশ্চিমে গৈ মেঘত লাগিছে, আৰু যেন সিফাললৈ যাব নোৱাৰি পৃথিবী ফালি তাৰ তললৈ সোমাই গৈছে।

 এতিয়া বেলি পাটত বহিছে। কি অপৰূপ পয়োভৰ। কোন ৰজা, কোন সম্ৰাট, কোন কালত এনেকুৱা পয়োভৰেৰে পাটত বহিছিল? নানানবিধ পোৱালে-বাখৰে সজোৱা হেঙ্গুলীয়া সিংহাসন, তাতে সূৰ্য্যদেৱ নিজৰ জেউতিৰে পশ্চিম