পৃষ্ঠা:চিন্তা-কলি.djvu/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৭
চিন্তা-কলি।
 

ললিত বাজনা, এই সকলোবিলাক মই দিঠকতে দেখিলোঁ, যেন সেই দিনাহে মোৰ আগতে দেৱালয় প্ৰতিষ্ঠা কৰা হল। আৰু এবাৰ মনত পৰিল ব্ৰহ্মপুত্ৰ। এই নৈ খন যে কিমান কালৰপৰা এইদৰে বৈ আছে কোনে কৈ দিব? ইয়াৰ পাৰতে নৰকৰ ৰাজ্য উদ্ভৱ হৈ লয় হল। ইয়াৰ পাৰতেই ভগদত্ত ৰজাই প্ৰবল প্ৰতাপ দেখুৱাইছিল। এতিয়া সকলে হৰিত হল। এইবিলাক ভাবনাত পৰি মন উগুল-থুগুল লাগি আছিল। মাজে মাজে ওপৰেদি ভাটৌৰ জাক, বগলিৰ জাক নানা ৰকম মাত মাতি আকাশ ঢাকি উৰি গৈছে। এবাৰ চাৰি হাজাৰমান হাঁহ সেইদৰে উৰি গল। এতিয়া সূৰ্য্য পাটত নাই, পাট এৰি ঘৰলৈ গল। মেঘসেনাও দহোদিশে গল এতিয়া সেন্দূৰীয়া পশ্চিম আকাশ দেৱালয়খনিৰ দৰে মলিয়ন অৱস্থাত পৰিল। পূবৰপৰা আন্ধাৰ ওলাই এতিয়া জগতখন এফালৰপৰা ছাই আহিব লাগিছে। দিনত জহে পুৰি খোৱা গাত গধুলিৰ জুৰ বা লাগি মই কলাঘুমটীয়া হৈ আছোঁ। হেন সময়তে ওপৰৰ ফালে “তই কোন, তই কৰ?” বুলি এটা শব্দ শুনিলোঁ; শুনি মূৰ তুলি চাওঁ যে, এটা ৰাজহাঁহ অকলশৰে উৰি যাব লাগিছে, আৰু শব্দটো হাঁহটোৰপৰা আহিছে। মই পুনৰ প্ৰশ্নটো শুনিলোঁ ৷ এই বাৰ প্ৰশ্ন শুনা মাত্ৰেই ব্ৰহ্মপুত্ৰৰ দুই দাঁতিৰ পৰ্ব্বতবিলাক পৃথিবী প্ৰদক্ষিণ কৰি ঘূৰিবলৈ ধৰিলে, নৈ খনৰো পশ্চিম আগটো মাটিৰ তলৰপৰা দাং খাই আকাশলৈ মুখ কৰিলে। পাছে