পৃষ্ঠা:চিন্তা-কলি.djvu/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭০
চিন্তা-কলি৷
 

এনে ভিন যে তুলনা দিব নোৱাৰি। ই সৰু দেশ, ইমান সৰু যে ই মোৰ দেশৰ এচুকো নভৰে। ইয়াত সদায় পোহৰ নাথাকে, মাঝে মাঝে আন্ধাৰ হয়। বিষাদ ইয়াৰ খিলঞ্জি অধিবাসী, আনন্দ ওপঙতীয়া বিষাদ ইয়াৰ গিৰিহত, আনন্দ আলহি, এই আছে, এই নাই। ইয়াত দেশ আৰু কালৰ অখণ্ড প্ৰতাপ। ইয়াত জীৱনৰ বাধা বিঘিনি বহুত, জীৱৰ শত্ৰু অলেখ। মই সাৰ পাই পোন প্ৰথমে দেখিলোঁ পোহৰ। ‘সাৰ পাই’ বুলিলোঁ হয়, কিন্তু দৰাচল পক্ষত সি সাৰ পোৱা নহয়, কিয়নো, তেতিয়া মোৰ আগৰ জ্ঞান নাছিল,মই কোন, কৰ, কেনেকৈ ইয়াত আহি ওলালোঁ, একো কব নোৱাৰিছিলোঁ। সি যেইবা নহওক, মই জয়জয়তে পোহৰ দেখিলোঁ ৷ আৰু কিবাকিবি দেখিলোঁ, মনত নাই, বা যি দেখিলোঁ। তেতিয়া বুজিব নোৱাৰিলোঁ ৷ কেৱল মনত পৰে, মই যেন কিহবাৰ মাজত বন্ধ হৈ আছোঁ৷ এইদৰে কিছুকাল যোৱাৰ পাছত বুজিলোঁ যে, মই পৃথিবীত। এওঁ মোৰ আই, এওঁ বোপাই। এওঁলোকে মোক খুৱাই-ধুৱাই লালি-পালি ডাঙৰ কৰিব; আৰু বুজিলোঁ যে এই মোৰ ঘৰ, এই মোৰ দেশ, ইয়াতে চিৰকাল বাস কৰিব লাগিব। এই জ্ঞান বান্ধি লৈ জীৱনৰ পথত যাত্ৰা কৰিলোঁ। কিছুমান দিন উকলি গল, ময়ো জীৱন-পথত কিছুমান আগুৱালোঁ। এদিন আই বোলা জনা হঠাৎ দীঘল হৈ পৰিল, উঠিব নোৱৰা হল। বোপাই বোলা জনাই কান্দিলে, আৰু ওচৰ চুবুৰীয়াবিলাকে আই