সমললৈ যাওক

চিন্তা-কলি/সন্ত মই আৰু দুষ্ট মই

ৱিকিউৎসৰ পৰা

সন্ত মই আৰু দুষ্ট মই

[ ৮৪ ]
 
সন্ত মই আৰু দুষ্ট মই।
 

মানুহৰ বৈৰী বহুত। চোৰ বৈৰী, ডকাইত বৈৰী, ঠগ বৈৰী, আৰু বৈৰী সাপ, বাঘ, ভালুক। চোৰে পৰম দুখৰ ধন চুৰ কৰি নি গৰাকীক চৌঠেঙীয়া কৰে, আৰু নিজে চহকী হয়। ডকাইতে দিন-দুপুৰীয়া চকুৰ আগতে দম্ভালি কৰি কিলাই টঙনিয়াই সম্পত্তি লৈ যায়। ঠগে মিতিৰালি কৰি মনত সোমাই নিনিও বুলি ধন নিয়ে, বা তোমাক ফান্দত পেলাই দিয়ে। সাপে বিলাসৰ ফুললিত সোমাই অকস্মাৎ দংশি মানুহৰ প্ৰাণ মাৰে। বাঘ ভালুকে কেতিয়াবা ছেগ লৈ মানুহক আক্ৰমণ কৰে, আৰু গাৰ মঙহ ডোখৰ-ডোখৰকৈ খামুচি এৰুৱায়। এইবোৰৰ বাজে মানুহৰ সৰু বৰ আৰু বহুত বৈৰী আছে, এটাইবোৰ বৈৰীৰ লেখ দিব লাগিলে এখন ভাগৱত হয়। মুঠতে কব লাগিলে জগত বৈৰীৰে ভৰা, খোজে পতি বৈৰী। জগতত বৈৰীশূন্য ঠাই পাবলৈ নাই। বৈৰী-সাগৰৰ মাজতো মানুহে খিতাপ কৰি শ চাৰি কুৰি বছৰ জীয়াই থাকে, ভাবি চালে ই বৰ আচৰিত কথা। মানুহ বৰ বুদ্ধিয়ক জন্তু, সেই দেখিহে এই অলেখ শত্ৰু জয় কৰি সিহঁতে জগতত মহতালি কৰিব পাৰিছে। কিন্তু এটা শত্ৰু আছে সবাতকৈ ভয়ঙ্কৰ। আদিৰপৰা আজিলৈকে অহোপুৰুষাৰ্থ [ ৮৫ ] কৰিও মানুহে তাক সেও কৰিব নোৱাৰিলে। ই বৰ বিষম বৈৰী, ই বৰ একাচেকা বৈৰী। ইয়াৰ উদ্ভণ্ডালিত মানুহ অস্থিৰ হৈ ত্ৰাহি ত্ৰাহি কৰিছে। ই মহা টেটন-টামন, মহা ফন্দিয়াৰ, এঠাইত কাটিলে সাত ঠাইত গজে। ই চোৰৰো চুৰ কৰে, ডকাইতৰে উকা দিয়ে, ঠগকো ঠগায়। ই এনে বৈৰী যে ইয়াৰ আঁৰ হৈ লুকাই থাকিবলৈ জগতত ঠাই নাই। ই ছাঁৰ দৰে মানুহৰ লগে লগে ফুৰে। ছাঁৰ হাতৰ পৰাও আন্ধাৰত এৰাব পাৰি, কিন্তু ইয়াৰপৰা এৰাবৰ উপায় নাই। আন্ধাৰত বা পোহৰত, দূৰৈত বা ওচৰত, দেশত বা বিদেশত, ঘৰত বা বাহিৰত, সকলো ঠাইতে, সকলো সময়তে সকলো ইয়াৰ উপদ্ৰৱত ব্যাকুল। মৰিবৰ সময়তো ইয়াৰ নামত গা শিয়ৰি উঠে। এই বৈৰীৰ নাম নাই। কোনো কোনোৱে ইয়াৰ নাম কয়, কিন্তু নামটো ৰাশি নাম নহয়, মতা নাম হে। সেই নামৰপৰা বৈৰীৰ আচল প্ৰকৃতি বিদিত নহয়।

 এই দুৰ্জয় বৈৰীৰ জন্ম মানুহৰ অন্তৰত, ই মানুহৰ এফাল। ই আৰু আন এটা গোট খাইহে গোট মানুহটো হয়, অৰ্থাৎ মানুহটো দুটা ভিন ভিন শক্তিৰ সমষ্টি, এটা শক্তি মই, আনটো শক্তি বৈৰী বা দ্বিতীয় মই। ঘড়ীৰ ঢুলনি শলাডাল প্ৰথমে লৰাই দিব লাগে, তেহে ঘড়ী চলে, সেইদৰে মানুহৰো প্ৰথমে শ্বাস জন্মাই দিব লাগে, তেহে মানুহে জীৱ পায়। ঘড়ীৰ ঢুলনি শলা প্ৰথমে লৰাই দিয়া শক্তি এটা, আৰু সেই শক্তিৰ গুণত পাচে ঘড়ীত যি গতি ওপজে সি [ ৮৬ ] বেলেগ এটা। মানুহৰ অন্তৰত প্ৰথমে শ্বাস জন্মাই দিয়া শক্তি এটা, আৰু সেই আদি শ্বাসৰ গুণত পাচত যিবোৰ শ্বাস জন্মে— অৰ্থাৎ মানুহৰ আয়ুসটো— সি বেলেগ এটা। কিন্তু চুলনি শলা লৰাই দিয়া আদি শক্তি আৰু ঘড়ীৰ পাচৰ গতি, এই দুইৰ ভিতৰত পাচত গৈ কোনো ভেদাভেদ নোহোৱা হয়। সেইদৰে মানুহৰ প্ৰথম শ্বাস জন্মাই দিয়া আদি শক্তি আৰু পাচৰ আয়ুস এই দুইৰ ভিতৰতো কোনো ভেদাভেদ নোহোৱা হয়। এই দুই শক্তি এনেৰূপে মিহলি হৈ পৰে যে, পাচত এটাৰপৰা আনটোক বাছি উলিয়াবলৈ টান হয়। কিন্তু এইদৰে সানমিহলি হলেও শক্তি যে দুটা ই ধুৰুপ কথা। এটা আদিশক্তি, নিয়তিৰ সন্তান, এটা তেজ মলৰ সন্তান। নিয়তিৰ সন্তান আচল মই, তেজ মঙহৰ সন্তান কেলেহুৱা মই। আচল মই সন্ত, কিন্তু কেলেহুৱা মই দুষ্ট। এই দুই ময়ে গোট খাই শৰীৰ-ৰাজ্যত ৰাজত্ব কৰে।

 দুষ্ট-মইৰ প্ৰকৃতি দুষ্ট, ই সদায় অসজ বাটে যাব খোজে। কিন্তু শৰীৰৰ হাত ভৰি আদি পৰিকৰবোৰ সন্ত-মইৰ অধীন, সন্ত-মইৰ আদেশ নাপালে সিহঁতে লৰচৰ নকৰে। সেই দেখি দুষ্ট-ময়ে সন্ত-মইক সদায় আমনি কৰে, সদায় আদেশ খোজে। কেতিয়াবা সি মিতিৰালি কৰি ভুৰুকাই আদেশ নিয়ে, কেতিয়াবা সৰুটি হৈ ছল কৰি আদেশ নিয়ে, কেতিয়াবা ডাবি দি আদেশ নিয়ে, কেতিয়াবা আকৌ কিলাই টঙনিয়াই বল কৰি আদেশ নিয়ে। দুষ্ট-মইৰ আশয় সদায় দুষ্ট। সি মোৰপৰা, [ ৮৭ ] অৰ্থাৎ সন্ত-মইৰপৰা আদেশ লৈ হাত ভৰিক অকাম কৰিবলৈ লগাই দিয়ে। অকাম কৰিলে অখ্যাতি হয় তেতিয়া দুষ্ট-মই মুখ-লুকা দি থাকে, তাক কোনেও নাপায়, কোনেও নেদেখে; অকল মই ৰাইজৰ গৰিহণা খাই মৰিব লাগে। মানুহৰ কেনে অন্যায় বিচাৰ,—দুষ্ট-মইক কোনেও নধৰে, সকলোৱে মোক হে দোষে, মোক হে গালি পাৰে, মোক হে নিন্দা কৰে, মোক হে দণ্ড দিয়ে। এইদৰে দুষ্ট-মইৰ ভাণ্ডনাত পৰি মই সংসাৰত বহুত যাতনা, বহুত নিকাৰ ভুঞ্জিলোঁ। এতিয়া আৰু মই তাক একেবাৰে আদেশ নিদিয়া হৈছোঁ। সেই দেখি তাৰ লগত মোৰ সদায় কুৰু-পাণ্ডৱ লাগি থাকে। তাৰ লগত খৰিয়াল কৰোঁতে কৰোঁতে মোৰ সুখ-শান্তি নাইকিয়া হল, মই দুখৰ ভাতমুঠি সুখেৰে খাবলৈ নাপাওঁ। সি সদায় মোৰ লগ নেৰে, পুৱা গধূলি, দুপৰীয়া নিশা, খাওঁতে, শোওঁতে সদায় সি মোক কষ্ট দিব লাগিছে, সদায় এটা ফন্দি সাজি মোৰ ওচৰত কুহুলিয়াই থাকে, সদায় মোৰ কাণত ফুচফুচাই থাকে। মই এখন্তেক শাতিৰে বহি থাকিবলৈ নাপাওঁ, সি আহি তাৰ কলা মেলে, এটা সজ কথা ভাবিবলৈ নাপাওঁ, সি আহি এটা আসোঁৱাহ উলিয়াই দিয়ে, যা বুলি খেদিলে নাযায়, গলেও আকৌ উলটি আহে। দুষ্ট-মই এনে মিঠামুখীয়া যে, তাৰ কথা শুনিলে সকলোৱে তাক আশাশুধীয়া বুলি ভাবে, সি যে ছলিবলৈহে মুখত মধু লৈ ফুৰে ই কথা কোনেও ভাবিব নোৱাৰে। ইয়াৰ উদ্ভণ্ডালিৰ [ ৮৮ ] কথা কিমান কম, কুলায়-পাচিয়ে নধৰে, কওঁতাৰ মুখ বিষায়, শুনোতাৰ কাণ বিষয়। তেও এটা উদ্ভণ্ডালিৰ কথা কওঁচোন শুনা।

 মই তাহানি সৰুতে স্কুলত পঢ়িছিলোঁ। মই বৰ ভাল লৰা আছিলোঁ, মাষ্টৰে যি পাঠ দিয়ে মই তাক ভালকৈ শিকি আওৰাই যাওঁ, আৰু স্কুলত ভালকৈ পাঠ দিওঁ গৈ। এই কথা দুষ্ট-ময়ে সহিব নোৱাৰিলে, তাৰ চকু পুৰিবলৈ ধৰিলে। সি লাহে লাহে মোৰ পাচ লাগিল, আৰু পুৱা গধূলি পঢ়িবৰ সময়ত কাণৰ ওচৰত কিবাকিবি ফুচফুচাবলৈ ধৰিলে। মই পোন-প্ৰথমে তাৰ কথালৈ বৰ কাণ দিয়া নাছিলোঁ। কিন্তু দুষ্ট-ময়ে কথা এনে গঢ় লগাই কব জানে যে, কিছুমান দিনৰ পাচত মই তাক আপোন বুলি সাৱটি ললোঁ, আৰু মাজে মাজে তাৰ কথা মতে চলিবলৈ ধৰিলোঁ। সি কৰে কি;— মই পুৱা কিতাপ আগত লৈ পঢ়িবলৈ ধৰিলে, সি আহি মোৰ ওচৰত বহে, আৰু মোক কয়, “হেৰ তই কিহলৈ পঢ়ি মৰিছ, তোক কিহে পাইছে? সৌৱা মীনাৰামে বৰশী বাইছে চা, সি কেইবাটাও বৰ বৰ পাভ মাছ ধৰিছে, বল আমিও বৰশী বাওঁ গৈ, বৰশীত মাছ বৰকৈ উঠিছে।” এই কথা শুনি মই কিতাপ জপাই থৈ বৰশীৰ চিপটো হাতত লৈ নৈ পালোঁ। গৈ। সেই দিনা সেই গোটেইটো পুৱা বৰশী বাই কটালোঁ, পঢ়া আৰু নহল। গধূলিও যেই পঢ়িবলৈ বহিলোঁ, দুষ্ট-মই আহি লগ লাগিল, আৰু সি “বল অ, বাজত কেনে জোনাক [ ৮৯ ] হৈছে, মীনাৰাম, গঙ্গাধৰ, গোবিন্দ, গোপীকান্ত, আৰু মতিৰাম ইহঁতে বাটত ইৰিকিটি-মিৰিকিটি খেদিব লাগিছে, আমিও খেলোঁ গৈ বল।” এই বুলি ঘনেপতি হাতত ধৰি টানিবলৈ ধৰিলে। মোৰো মনটো লাহে লাহে কিতাপৰপৰা ওলাই বাটত ৰং কৰি থকা লৰাজাকৰ ফালে ঢাল ললে। মই কিতাপ জপালোঁ, চাকি নুমালোঁ, আৰু ঘৰৰপৰা ওলাই গৈ আনবোৰৰ লগত ইৰিকিটি-মিৰিকিটি খেলিবলৈ ধৰিলোঁ। স্কুল বন্ধ হলে যে দুপৰীয়া অলপ লিখা-পঢ়া কৰিবা, তাৰে উপায় নাই। দুষ্ট-মই আহি তাচ্, খেলিবলৈ লগ ধৰে, আৰু ময়োঁ তাৰ লগ পাই দিনটো তাচ্, খেলি ফুৰোঁ। এইদৰে ফুৰাত মই স্কুলত পঢ়া দিব নোৱৰা হলোঁ। মাষ্টৰে সদায় মোক বেঞ্চৰ ওপৰত থিয় কৰি থয়, আৰু কেতিয়াবা কেতিয়াবা এছাৰিও লগায়। স্কুলত পঢ়া দিৰ নোৱৰা কথা ক্ৰমে ক্ৰমে পিতাদেউৰ কাণত পৰিল। তেখেতেও এদিন দয়া মৰম এৰি মোৰ পিঠিত ভালকৈ এজাউৰি শোধালে, তেও মই দুষ্ট-মইৰ লগ এৰিব নোৱাৰিলোঁ, সদায় তাৰ কথাত বলিয়া হৈ ফুৰোঁ। ইয়াৰ শেষ ফল হল গৈ যে, মই বছৰেকীয়া মহলাত উঠিব নোৱাৰিলোঁ, আৰু সেই বাবে “প্ৰমোচন” নাপালোঁ। তেতিয়া মই স্কুলৰ পঞ্চম শ্ৰেণীত পঢ়োঁ। প্ৰমোচন নাপালত পিতাদেৱে জানিলে যে মই গুচিলোঁ, মোৰ আৰু পঢ়া-শুনা নহল। তেও ত'ত মোক স্কুলৰপৰা নেৰুৱাই মাচুল দি আছিল। মই কেতিয়াবা অলপ পঢ়োঁ, [ ৯০ ] কেতিয়াবা নপঢ়োঁ। এইদৰে থাকোঁতে থাকোঁতে চুচৰি চুচৰি গৈ প্ৰথম শ্ৰেণী পালোঁ, আৰু এণ্ট্ৰেঞ্চ পৰীক্ষা দিলোঁ, কিন্তু পৰীক্ষাত উঠিব নোৱাৰিলোঁ। পিতাদেউ চহকী মানুহ, তেখেতে খৰচলৈ কাণ নকৰি মই উঠিব নোৱাৰাতো মোক চাৰি বাৰ পৰীক্ষা দিয়ালে, তথাপি মোৰ একো নহল, এটাই কেইও বাৰ ‘ফেল’ হলোঁ। এনে সময়তে পিতাদেউ ঢুকাল। তেতিয়া পঢ় বোলোঁতা আৰু কেওঁ নোহাৱা হল, মই স্কুল এৰি দিলোঁ। মোৰ সৰুকাল ডোখৰ এইদৰে গল। দুষ্ট-মইৰ কথা ধৰি ধিতিঙালি কৰি ফুৰোঁতে মোৰ পঢ়া-শুনা একো নহল। ভাগ্যে পিতাদেৱে ধন-কড়ি দোপোণ এৰি থৈ গৈছিল, তাৰে আলমত কথমপি ভাত গালৰ নাটনিত নপৰিলোঁ। এই গল সৰু-কালিৰ সামান্য কথা। দুষ্ট-মইৰ উদ্ভণ্ডালি এইমানতে শেষ হোৱাহেঁতেন অনুশোচ কৰিবলৈ বৰ কথা নাথাকিলহেঁতেন। কিন্তু সি ইয়াকে কৰিয়েই এৰা নাই। তাৰ উপদ্ৰৱৰ কথা শুনিলে মৰাৰ গাতো খং উঠে। আৰু এটা উপদ্ৰৱৰ কথা কওঁচোন শুনা।—

 বলৱন্ত বৰ মোৰ বংশৰ মানুহ, সম্বন্ধত ককাই হয়। তেওঁ মোৰ পৰম বন্ধু আছিল। তেওঁৰে সৈতে সদায় একেলগে ফুৰোঁ-চাকোঁ, একেলগে উঠোঁ-বহোঁ। দাঁতত ভাত এটি লাগিলেও তেওঁ মোক কয়, ময়ো তেওঁক কওঁ। দুয়োৰো ভিতৰত ইমান মিলাপ্ৰীতি। দুয়োৰে ঘৰো ওচৰা-ওচৰি, মাথোন জেওৰাখনৰ ইফালসিফাল। বলৱন্ত ককাইৰ ধৰ্ম্মত [ ৯১ ] বৰ মতি আছিল। তেওঁ এবাৰ তীৰ্থ কৰিবলৈ ওলাল। তেওঁৰ ঘৰত কেৱল ঘৈনীয়েক জনী আৰু সৰু সৰু লৰা-ছোৱালী দুটি। তেওঁৰ হাতত পিতাকৰ দিনৰ সাঁচতীয়া ৰূপ পাঁচ শ আছিল। তীৰ্থলৈ যাওঁতে কোনবাই কেনেবাকৈ নিয়ে বুলি সেই ৰূপখিনি তেওঁ মোৰ হাতত থৈ দিলে। এই কথা তেওঁ, মই আৰু তেওঁৰ ঘৈনীয়েকে মাথোন জানিছিল, ওচৰ-চুবুৰীয়া আৰু কেওঁ নাজানিছিল। ককাই তীৰ্থলৈ গল, কিন্তু দুৰ্ভাগ্যৰ গুণত উলটি আহিবলৈ নাপালে, বাটতে কাশীত তেওঁৰ মৃত্যু হল। লগত যোৱা মানুহটো উলটি আহি এই খবৰ ঘৰত জনালে। তেতিয়া ঘৰত কন্দা-কটা লাগিল। দুদিনমানৰ পাচত ঘৈনীয়েকে কন্দা কটা এৰি শৰাধৰ উপায় বিচাৰিবলৈ ধৰিলে, আৰু মোৰ হাতত খোৱা ৰূপ পাঁচ শ খুজিলে। মই সেই পাঁচ শ শৰাধত খৰচ কৰিবলৈ হাক দিলোঁ, আৰু তেওঁৰ হাতে-কোঁচে যি আছে তাকে খৰচ কৰি কোনোমতে অনুষ্টপীয়াৰূপে মুখৰ ছাই ফেৰা গুচাবলৈ দিহা দিলোঁ। মোৰ হাতত থকা ৰূপ আনত লগাই তাৰ যি অলপ-অচৰপ বাঢ়ি ওলায়, তাৰে ভবিষ্যতে আমা-ডিমা লৰা-ছোৱালী দুটি ডাঙৰ দীঘল কৰিব পাৰিব। এই উপদেশ দিয়াত বৌৱে আৰু মোক ৰূপ নুখুজিলে। বলৱন্ত ককাইৰ শৰাধ গল। লৰাটিয়ে সেই সময়ত স্কুলত দিবৰ বয়স পাইছিল। স্কুলত তাৰ নাম লিখাবলৈ আৰু ৰাধৰ গাখীৰৰ বাকী বেচ দিবলৈ ধন লগা হোৱাত, বৌৱে মোক দুকুৰি [ ৯২ ] ৰূপ খুজিলে, মই দিম বুলিও কৈছিলোঁ। পাচত আহি দুষ্ট-মই মোৰ লগ লাগিল। সি বুদ্ধি দিলে, বোলে ৰূপবোৰ কিয় দিব লাগিছে? নিদিলে তাই কি কৰিব? ৰূপ থোৱা কোনে দেখিছে? তাই কলেই হব নে? এই কথাত মোৰ মন ঘূৰিল। এদিন আকৌ যেতিয়া বৌ ৰূপ খুজিবলৈ আহিল, মই খং কৰি জোকোৰা মাৰি কলোঁ বোলোঁ তুমি কি ৰূপ ৰূপ কৰি থাকা? তোমাৰ ৰূপ মই কেতিয়া আনিছোঁ? মোক ৰূপ দিয়া কোনে দেখিছে? আৰু ভবিষ্যতলৈ এইদৰে মিছাই ৰূপ সাধি নাথাকিবা। মোৰ এই কথা শুনি বাঁৰী বৌৰ মাত হেৰাল। মোক কেইবা দিনো তেওঁ বহুত কাবো কোকালি কৰি ৰূপ খুজিলে, মই আছোক ৰূপ দিম ছাৰি তেওঁক ডবিয়াই খেদি দিলোঁ। সেই দিনাৰপৰা তেওঁ মোক দেখিব নোৱৰা হল, আৰু ওচৰ-চুবুৰীয়া সকলোৰে আগত গিৰিয়েকে বিশ্বাসত থৈ যোৱা ৰূপ মই নিদিলোঁ বুলি কৈ ফুৰিবলৈ ধৰিলে, আৰু সদায় লৰা-ছোৱালীৰ মূৰে গালি শপনি পাৰিবলৈ ধৰিলে। মই বহুত দিন এইবোৰ সহি আছিলোঁ। পাছে এদিন দুষ্ট ময়ে মোক কলে, বোলে তাইক তই দুটা চৰ লগাই নিদিয় কিয়? চৰ খালেই আৰু গালি পাৰিবলৈ এৰিব নহয়। মই বুধিটো বৰ ভাল পালোঁ। বৌৰ ফালে মাতোঁতা কেওঁ নাই। মই গাৱঁত অলপ লখ-জীৱিকা থকা মানুহ, গতিকে গাৱঁৰ মানুহে মোলৈ পেটে পেটে অলপ ভয় ৰাখে; এই কথা [ ৯৩ ] মই জানো। এদিন বৌৱে যেতিয়া আকৌ গালি পাৰিবলৈ ধৰিলে, মই হাতত সৌকাৰ টোকোনডাল লৈ তেওঁৰ চোতাললৈ খেদি গলোঁ। মোৰ মূৰ্ত্তি দেখি চোতালত ধেমালি কৰি থকা লৰা-ছোৱালীহালে ভয়তে চিঞৰিবলৈ ধৰিলে; বৌ লৰ মাৰি ঘৰ সোমাল। ঘৰ সোমাই ক’ত সাৰে, মই ঘৰৰ ভিতৰলৈ গৈ, তেওঁক খাটৰ তলত লগ পাই, চুলিত ধৰি উলিয়াই আনিলোঁ, আৰু চোতালত আনি সেই টোকোনেৰে মূৰতে এটা মাৰ শোধালোঁ। মাৰ খাই বৌ বাগৰি পৰিল, মূৰ ফাটি তেজৰ তুমৰলি ববলৈ ধৰিলে, লৰা-ছোৱালীহালে মাকৰ গাত পৰি হায়ৌ-বিয়ৌ কৰি কান্দিবলৈ ধৰিলে, চুবুৰিৰ মানুহ এটাইবিলাক বৌৰ চোতাল পালেহি। তেতিয়া মোৰ মনত ভয় লাগিল, টোকোন হাতৰপৰা সৰি পৰিল। থিয় হৈ থাকিবলৈ মোৰ শক্তি নাইকিয়া হল। দুষ্ট-মই তেতিয়া কলৈ গল কব নোৱাৰিলোঁ। এই ঘটনাৰ কথা কোনবাই থানাত জনালে হবলা, দুটা কনিষ্টবল আৰু এজন দাৰোগা আহি পালেহি। সিহঁতে মোক হাত কৰিয়া মাৰি বন্ধ কৰিলে, আৰু বৌক দোলাত তুলি ডাক্তৰখানালৈ পঠিয়াই দিলে। বৌ নমৰিল, এমাহ মানৰ পাচত ভাল হল, মূৰ জোৰা লাগিল। মোৰ ওপৰত ইফালে ফৌজদাৰী গোচৰ হল। তেতিয়া দুষ্ট মই আকৌ ওলালহি, আৰু গোচৰ চলি থাকোঁতে সকলো দিহা ভাৰসা সিয়েই দিছিল। তাৰ কথা মতে হাকিমৰ আগত মই বৌক মৰা নাই বুলি কলোঁ, [ ৯৪ ] টোকোনডাল মোৰ নহয় বুলি কলে, বৌৰ মুৰ শিলত পৰি ফাটিছে বুলি কলোঁ; কিন্তু মোৰ কোনো কথাই নাখাটিল; হাকিমে মোৰ এটা কথাও বিশ্বাস নকৰিলে, মোক এবছৰলৈ ফাটকত দিলে। ফাটক খাটি আজি দুমাহ হল ওলাই আহিছোঁ। দুষ্ট মই! তই মোক নকৰিবৰ চকৰি কৰিছ, নাকে নল চঁচাইছ, ভৰা কলহে পানী বুৰুৱাইছ, জনমিবৰপৰা বুঢ়া বয়সলৈকে জুলুকি জুলুকি কৰি শিকালি, তেও তোৰ মনত সন্তোষ নাই। এতিয়াও তই মোৰ লগ নেৰ, আৰু কি কৰিব খুজিছ মই কব পৰা নাই। ঈশ্বৰে মোক এইটো কি লগ লগাই দিলে কব নোৱাৰোঁ। ইয়াৰ সঙ্গত পৰি মোৰ দুখৰ পাৰ কুল নাইকিয়া হল। ঈশ্বৰকেই বা কি দুষিম? মই যেতিয়াই শৰীৰ পালোঁ, যেতিয়াই তেজ মঙহৰ মোনাত সোমালোঁ, তেতিয়াই জানিলোঁ যে, মোৰ মঙ্গল নাই, নিকাৰৰ উপৰি নিকাৰ, জিয়াতুৰ উপৰি জিয়াতু ভুগিব লাগিব। তেজ মঙহ মলি মাথোন, মলি বন্ধ খাই মোৰ শৰীৰ হল, আৰু সেই মলিময় শৰীৰৰপৰা দুষ্ট-মই উপজিল। মলিত ওপজা বস্তু কেতিয়াও ভাল হব নোৱাৰে। জোক-পোক মহ-ডাঁহ, মলিৰ জীৱ, সেই দেখি সিহঁতৰ ভিতৰত ভাল নাই। দুষ্ট-ময়ো মলিৰ সন্তান, সি কেনেকৈ ভাল হব? কেনেকৈ সজ হব? সি পামৰ, সি মহা নাৰকী। হে প্ৰভু! এই পামৰৰ হাতৰপৰা মোক নিস্তাৰ কৰাঁ।