ইয়াৰ ফল বেয়া। ই গোটেইটো জীৱনৰ অমৃত ধাৰৰ মাজত এটা গৰলৰ ধাৰৰ নিচিনা সমানে বৈ গৈছে। ইয়াৰ নিমিত্তে সুখীয়া জীৱনত দুখ, শান্তিময় জীৱনত অশান্তি হৈছে। হায়! কোনে কৈ দিব, মই কৰপৰা আহিলো, কলৈ যাম? কোনে কৈ দিব, শেষ কত? ইয়াত নে আৰু কৰবাত? কোনে কৈ দিব, মৰণ কি? নিৰ্ব্বাণ লোপ নে কলেৱৰ সলনি মাথোন? এই উগুল-থুগুলনি কেতিয়া মৰিব? কেতিয়া জীৱনৰপৰা এই সন্দেহৰ ভাৰ আঁতৰ হব?
এদিন শাওন মহীয়া কালত, বৰ জহত, দিনমানটো মানুহ চট্ফটাই আছিল। কোনোৱে আঁহত গছৰ তলত, কোনোৱে বা বৰ গছৰ তলত বহি বিচনীৰে সখি বান্ধি খন্তেকীয়া জুৰণি লৈ গধূলি কেতিয়া হয় ভাবি আছিলো। যেই বেলি হালি গৈ পাটৰ ওচৰ চাপিল সকলোৱে বিচনী আছাৰি পেলাই, কোনোৱে ঘৰৰপৰা কোনোৱে গছৰ তলৰপৰা ব্ৰহ্মপুত্ৰৰ ফাললৈ বাট ললে। ময়ো মোৰ সাতামপুৰুষীয়া বকুল গছৰ তলত বহি দিনটো কটালোঁ, এতিয়া গধূলি হোৱা দেখি ব্ৰহ্মপুত্ৰৰ জল-বা লবৰ মনেৰে নৈৰ দাঁতিলৈ গলোঁ। এই খণ্ড ব্ৰহ্মপুত্ৰৰ দুয়ো দাঁতিয়ে পৰ্ব্বত, কোনো খন ওখ কোনো খন চাপৰ। নৈৰ মাজতো দুই এটা টিলা আছে হে। নৈৰ পাৰৰ এটা টিলাত এখনি দেৱালয়। টিলাৰ টিঙত দেৱালয়ৰ মঠ মন্দিৰ, তলেদি অৰ্থাৎ ঠেঙেদি ব্ৰহ্মপুত্ৰ বৈ গৈছে। মই সেই দেৱালয়লৈ গলোঁ। শাওণৰ লুইত ভৰপূৰ, পানী