বোলা জনাক পৰি থকা ঠাইৰপৰা তুলি নি কতবা থৈ আহিল; কলৈ নিলে, কত খলে মই কব নোৱাৰিলোঁ, কিন্তু তেওঁ আৰু দুনাই উলটি নাহিল। বোপাই বোলা জনাই মোক পতিপাল কৰিবলৈ ধৰিলে। আইৰ কথা সুধিলে তেওঁ কয় বোলে তোৰ আয়েৰ মৰিল, তেৱোঁ হেনো কেতিয়াবা এদিন মৰিব। এই কথা শুনি মোৰ মূৰ্দ্ধাছুট হল, মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে; ভয় হল যে, বোপায়ো যদি এইদৰে মৰে, তেন্তে মোৰ গতি কি হব। কিছুমান দিন গলত মই আইৰ কথা পাহৰিলোঁ। বোপাইৰ আপডালত জীৱনপথত আৰু কিছু আগ বাঢ়িলোঁ। তেতিয়া বোপয়ে মোক জ্ঞান আৰ্জ্জিবলৈ কলে, আৰু কলে যে জ্ঞান জীৱন-পথৰ বন্তি; তেলৰ বন্তি নহলে যেনে আন্ধাৰ বাটত যাবলৈ টান, জ্ঞানৰ বন্তি নহলেও জীৱনৰ বাটত যাবলৈ টান। তেওঁ আৰু কলে, যে বিদ্যাইহে জ্ঞান দিয়ে, এতেকে পোন প্ৰথমে বিদ্যা আৰ্জিব লাগে। এই কথা শুনি মই বিদ্যা শিকিবলৈ ধৰিলোঁ। মানুহে মোৰ বুদ্ধি চোকা বুলি কৈছিল। কিছুমান দিনৰ ভিতৰতে মই বিদ্যাত পৈণত হৈ উঠিলোঁ। এই সময়তে বোপাই বোলা জনাও মৰিল। তেওঁ আই মৰাদৰে মৰিল, অৰ্থাৎ এদিন তেৱোঁ দীঘল হৈ পৰিল, মাত-বোল এৰিলে, আৰু হাত ভৰিৰ লৰচৰ নোহোৱা হল। ওচৰ-চুবুৰীয়াবিলাক আহি তেওঁক তুলি লৈ গল, ময়ে লগত গলোঁ। আমাৰ ঘৰৰ দক্ষিণ ফালে মৰিশালি, আমি তাতে তেওঁক পুৰি থৈ
পৃষ্ঠা:চিন্তা-কলি.djvu/৭৫
অৱয়ব