পৃষ্ঠা:চিন্তা-কলি.djvu/৭২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
সুমৰণ।
 

বিতোপন দেশ, সুখৰ ৰাজ্য, আনন্দৰ অময়া পুৰী। এই দেশত মোৰ ঘৰ। ইয়াত বিষাদ নাই, বিকাৰ নাই, নিকাৰ নাই, আশা নাই, দুৰাশা নাই, কামনা নাই আৰু নাই ইয়াত আন্ধাৰ। মোৰ দেশত সূৰ্য্য নাই, তেও সদায় পোহৰ; চন্দ্ৰ নাই, তেও জোনাক; মলয়া নাই, তেও জুৰ; ফুল নাই, তেও গোন্ধত আমোলমোল। মোৰ দেশত কোনো ঠাই দূৰৈ নহয়, কোনো ঠাই ওচৰ নহয়, সকলো বস্তু সকলো ঠাইতে সদায় আছে। ইয়াত আজি নাই, কালি নাই বা পৰশু নাই। ইয়াত সদায় আজি, অনন্ত আজি। ইয়াত কালৰ বন্ধন বা দেশৰ জেওৰা নাই। ইয়াত সকলো প্ৰাণী সকলো ঠাইতে আছে, আৰু সদায় আছে। এই বিচিত্ৰ দেশত মোৰ ঘৰ। ই বিষাদবিবজ্জিত দেশ। ইয়াৰ ভাষাত বিষাদ কথা নাই, ইয়াৰ প্ৰাণীবিলাকে বিষাদ কি নাজানে, ইহঁতৰ বিষাদৰ ধাৰণা নাই। এই দেশত মোৰ চৈধ্য পুৰুষীয়া খিলঞ্জি ঘৰ। ইয়াত মোৰ পিতা, পিতামহ, প্ৰপিতামহ, প্ৰপিতামহৰ প্ৰপিতামহ, আৰু তেওঁৰ প্ৰপিতামহ বাস কৰিছিল। ময়ো ইয়াত বাস কৰিছিলোঁ। ইয়াত মই আনন্দময় আছিলোঁ। ইয়াত মই স্থিতি, চেতনা আৰু