সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
তৃতীয় সৰ্গ।

নীলা পৰ্ব্বতৰ কাঠনী-মাজত
এৰিলি স্বোৱামী ধন!!

১৫
চেঙ্গেৰা কালৰ স্বামীক এৰিলি,

কান্দিছে সঘনে প্ৰাণ!
চকুৰ চকুলো ওলায় দুধাৰে,
কলা ভাবনাত কান!!

১৬
 * * * * *

 * * * * *
জুৰুলী -পুৰুলী কিয় হ’লি তই?
গাখীৰ নাখাৱ কিয়?
নাখাই-নবই স্বামীৰ শোকত
মাৰিব খুজিছ জীব?

১৭
সঁছাকৈয়ে যদি এৰিলি স্বোৱামী।

যদি সঁছাকৈয়ে হয়!
তোৰে-মোৰে দেখো একেই দুৰ্দ্দশ
স্বামী-বিৰহিণী মই!

১৮
নিষ্ঠুৰ মানৱ! নাই দয়া মায়া;

স্বামীৰ লগৰ পৰা
বান্ধিলি সজাত অজলী শালিকী
হিয়া দুখে শোকে ভৰা॥