পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তেও কি তোমাক সেইদৰে ভাল পায়,

যেনেকই ভাল পোৱা তুমি?
যদি পায় তেনে পখি বৰ বেয়া হ’ল,—
হেৰুৱালা প্ৰণয়ৰ তুমি॥

কিন্তু পখি হেৰুৱালা, নাকান্দিবা তুমি;

কান্দিলে নোপোৱা আৰু সখী।
হেৰালে পোৱাটো টান বান্ধৱ ৰতন,
তুমি শোক এৰি দিয়াঁ পখি॥

মোৰো যে আছিল পখি পৰাণৰ পতি।

গাঁথিছিলো দুয়ো প্ৰাণে প্ৰাণে।
পাইছিলে বৰ ভাল মোৰ এই মন
মোহিছিল সুমধুৰ তানে॥

কালৰ বতাহে কিন্তু নিলে উৰুৱাই,

পেলালে দূৰত মোৰ পতি;
কি ৰাতি কি দিন মই চিয়ঁৰোঁ তেওঁক,
নামাতে কোনেও কিন্তু পখি॥

কোনেনো মতিব মোক স্বামী বিদেশত।

মোক এৰি আছে অকলই;