পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


খোজ কাঢ়ি যাম মই, যাবা উৰি উৰি,

বিচাৰিবা “স্বামী” তুমি, বিচাৰিম “পতি
⸺·×·⸺
(শালিকী)
চুটীয়া শালিকী! –কত সুখে আছ

সুন্দৰ সজাটী লই।
ৰূপৰ বাতিত খাইছ গাখীৰ,
কিয় কান্দি থাক তই?

নিতে নিতে আনি, দিছে তোক পখি!

নতুন নতুন ফল!
দেৱৰো-বাঞ্চিত খাইছ পায়স,
সোন্দা, চেনিচম্পা কল॥

আপোন হাতেৰে চক্ৰবৰ্ত্তি ৰজা

কৰিছে আদৰ তোক;
ইমান সুখতে তথাপি, শালিকী।
কিয় কৰি থাক শোক?

ফুটুকা-ফুটুকী নানাবৰণীয়া,

ওপৰে “চাদোৱা” তৰি,
তাৰ তলে দিনি সুন্দৰ সজাত
তোক যে থইছে আৰি॥