পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নিৰ্দ্দয় বিধাতা! হৃদয়ৰ পৰা
লুকালি অমূল্য ধন।
কিয়নো নিদিয় পুনু দেখুৱাই,

এনে নিদাৰুণ মন?
⸺·×·⸺
(কাউৰী)
উৰি যোৱা কোৱা!

কথা শুনি যোৱা,
পাৰা যদি কোৱা বতৰা মোক,
কেতিয়া আহিব
মোৰ প্ৰাণপতি?
কেতিয়ানো যাব বিৰহ দুখ?

ঘৰে ঘৰে তই

শুনিছোঁ, কাউৰি!—
কই ফুৰ সদা ‘অহা বতৰা”;
কছোন কাউৰি।
মোকো আজি তই,
আহিবনে মোৰ জীৱন-তৰা?

আহিবনে মোৰ

পৰাণৰ প্ৰাণ?


*কোৱা=কাউৰী