সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কমতাপুৰ ধ্বংশ কাব্য

ভূলছোঁ ধৰম, ভূলিছোঁ কম,
ভূলিছো যে আজি আজি আপােনাৰ পৰ,।
ভূলিছোঁ প্ৰতিজ্ঞা ভূলিছোঁ চেনেহ,
আপোন পিতাৰ কথা মৰমৰ।
পাহৰিছোঁ বিয়া, ভূলিছোঁ সমাজ
ভূলছোঁ নিজৰ হৃদয় পৰাণ!
ভূলিছোঁ ভাইতি, ভূলিছোঁ ভনিতী,
ভূলিছোঁ সকলো জাতীয় সম্মান!!
কলঙ্কৰ থালি বােজা বান্ধি লম,
কলঙ্কৰ ভয় নকৰো মনত!
কলঙ্কিত বুলি জগতে নিন্দিব,
নিন্দোক জগতে কি হানী নিন্দাত?
বিৰহ ৰক্ষস নিজে বলি দিম,
সুখেৰে পুৰাম হেপাহ মনৰ।
গুছি যাম গই দূৰ দেশলই,
(জনম ভূমিৰ বহুত আঁতৰ!)
নিৰ্জন বনত কটাম জীৱন
হিয়াৰ মাজত ভৰাই পৰাণ!
কোনেও নাজানে, কোনেও নুশুনে
আমাদুয়োটীৰ প্ৰেম ভৰা গান।”
এই দৰে কত ভাবি আপােন মনত,
আছিলে অকলে দেকা পুখুৰী পাৰত;
এনে সময়তে, হায়! বহু কোটোৱালে
তেঁওক ধৰিলে গই বেৰি চাৰু ফালে।