সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
সপ্তম সৰ্গ।

(কমতা পুৰৰ পৰা আঁতৰি বহুত)
বহি আছে এটা দেকা বিষাদ মনত
শোকেৰে চকুলো টুকি ছয়টী চকুত।
ভাবি ভাবি মাজে মাজে হুমুনীয়া কাঢ়ে,
তললই কৰে মূৰ বিষাদ মনত।
কৰ দেকা? কিয় এনে ভাবি বিয়াকুল?
চকু পানী টোকে কিয়? কিহৰ দুখত
প্ৰবাসী কি এওঁ হায়? নিজৰ ঘৰত
মৰমৰ বাই ভনী তিয়াগি আহিছে?
হল আজি বহুদিন, দেখা শুনা নাই,
সি দুখতেনেকি এই চকুলো টুকিছে?
হাত ধৰা ধৰি কৰি কত চেনেহত
ভাই ককায়েৰে সতে জানো উঠিছিলে।
কিন্তু আজি বহু দিন, আছেহি আঁতৰি,
সেই বুলিনে কি আজি বিষাদে খৰিলে?
কান্দিছে হৃদয় নেকি আজি দুৰ্ভগাৰ
অতি চেনেহৰ, হায়! মাকক সুঁৱৰি,—
হিয়া ঢাকুৰাই যাক গইছে তিয়াগি
অকলে ঘৰত, প্ৰাণ শোকাকুলা কৰি?
কিম্বা দুৰ্ভগীয়া আজি টুকিছে চকুলো,
ভাবি এৰি-থই-যোৱা প্ৰতিমা প্ৰাণৰ?
পৰাণৰ প্ৰাণ বুলি যাক ভাবিছিলে
তেওঁকেই ভাবি নেকি কান্দিছে অন্তৰ?
কৰ দেকা?-কিয় আজি এনে বিয়াকুল?—