পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
কমতাপুৰ ধ্বংশ কাব্য।

পাঠক! পােৱা বা চিনি? ছোৱাছোঁ খন্তেক।
যদি নাই পােৱা চিনি,-কওঁ শুনা মই,—
এওঁৰেই নন্দ নাম ,-মন্ত্ৰীৰ পুতেক॥
গােলাপী সখীৰ এওঁ প্ৰাণৰ প্ৰণয়ী ,
গইছিলে এওঁৱেই গঙ্গাতীৰ লই ,
বিৰহৰ সাগৰৰ উৰ মাজত
প্ৰনয়ণী গোপীক উটুৱাই থই।
আহিছে গঙ্গাৰ পৰা উলটি এতিয়া,
কত ভাবি কত চিন্তি পুখুৰী পাৰত
বহিছে দুখে ভাগৰে, কান্দিছে নীৰলে
ভাবি আপােনাৰ দশা বিষাদ মনত।
এটী হুমুনীয়া কাঢ়ি, দুখিত মনেৰে
তলই কৰি মুৰ ভাবিলে মনত
“ক'তা? দেখোঁ নােৱাৰিলোঁ ভূলিব একোতে?
মিছাতে ভ্ৰমিলোঁ মাথোঁ দেশ বিদেশত?
কত আশা কৰি পিতা দিছিলে পঠাই
গঙ্গাতীৰলই মোক, তেঁও ভাবিছিলে,
ভূলিব পাৰিম মই সেই মুখখনি
আতৰি বহুত দিন দূৰত থাকিলে।
ফুৰিলো ইমান দিন! আজি এবছৰ!
ক’তা? দেখোঁ নােৱাৰিলোঁ ভূলিব সিমুখ?
হৃদয়ত অঁকা দেখো, সেই একে ছবি?
ভাবিলে ‘ভূলাৰ কথা' বাঢ়ে মাথোঁ দুখ!
যতে ফুৰোঁ, যতে গলো দেশ বিদেশত