কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/ষষ্ঠ সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৫৯ ]

ষষ্ঠ সৰ্গ।

⸺<>⸺

“We Hermia, like two artificial Gods,
Have with our needles created both one flower,
Both on one sample, sitting on one cushion,
Both warbling on one song, both in one key;
As if or hands, or sides, voices, and minds
Had been incorporate, so we grew together
Like to a double cherry, seeming parted,
But yet a union in partition.
Two lovely berries moulded on one stem:
So with two seeming bodies but one heart.”
      ⸻Shakespeare.

গহীন দুপৰ নিশা। ঘোৰ অন্ধকাৰ,
নাই কাৰো কতো মাত নিজম, নিতাল।
নিশাৰ বতাহ মাথোঁ বলে ধীৰে ধীৰে
লৰাই গছৰ পাত, সৰু সৰু ঠাল।
আহা কি গহীন ভাব ধৰিছে পৃথিবী
নাই কাৰো কাতো খঙ্গ নাই দ্বন্দহাই।
নাই কতো শোক তাপ বিষাদৰ জুই
নাকান্দে শোকত কেৱে ইনাই বীনাই।

[ ৬০ ]

পাহৰিছে বিৰহিনী বিৰহৰ জুই,
পুত্র শোকাতুৰা মাকে শােক পুতেকৰ!
দুৰ্ভগীয়া পাহৰিছে বিষয়ৰ জ্বালা,
দাসত্ব দোলৰ চেপা, তাপ সংসাৰৰ।
আহা! কি মধুৰ ভাব! সকলো সমান,
সকলােটী একাকাৰ, নাই একো ভিন
কি অৰণ্য কি নগৰ ওখৰা ওখৰি
অনন্ত এন্ধাৰে ভৰা, সকলাে অচিন
অনন্ত ব্ৰহ্মাণ্ড, আহা! নীৰৱতা ভৰা!
জগতৰ প্রাণী অজি ঘােৰ টোপনীত!
নাই কতো কোনাে কাৰো সবে অচেতন।
এনুৱা কালত হায়! এনে মহা নিশা
পমিলীয়ে সতে যায় দুখুনী কুঁৱৰী
বাজ হই নগৰৰ, বিষাদ মনত
হৃদয়ৰ শােক, তাপ সুঁৱৰি সুঁৱৰি।
আগে আগে যায় ৰাণী পাছত পমিলী
পকিমুৰী কুঁজী বুৰী কুঁজা কুজ কই
লাখুটীত দিদি ভেজা, ককালত বিষে
মাজে মাজে ধৰে, পুনু ৰয় পােন হই।
কাঢ়িব নােৱাৰে খােজ, বল নাইকিয়া
হাবাথুৰি খালে বুৰী ফোঁপাই জোঁপাই!
“বহোঁছোঁ অলপ তেনে” কলে কুঁৱৰীয়ে,
ভাগৰ লাগিছে যদি বুৰাগাত, বাই।”
“নবহো ইয়াত আই! বহোঁগই বলাঁ

[ ৬১ ]

গোলাপহঁতৰ * তাত, পমিলীয়ে কয়
সখীক নোযোৱাঁ জানো চাই আজি তুমি?
বলা যাওঁ গোলাপক চাই লওঁ গই।”
‘এৰা বাই ! আহাঁ যাওঁ তাতে বহোঁগই
সখীক আাজিয়ে দুয়ো দেখিশুনি লওঁ।
অাৰুতো নাপাম? আৰু নেদেখোঁ সখীক
হেপাহ গুছাই আজি কথাবাত্রা হওঁ ।
এই বুলি কই ৰাণী পমিলীয়ে সতে
আকউ ধৰিলে যাব’ লাহেলাহেকই;—
অলপ দূৰই হই, অলপ পাছতে
গোলাপী সখীৰ দুয়ো ঘৰ পালে গই।
ঘোৰ টোপনীত সখী গোলাপী আইতী,
মাকো ঘোৰ টোপনীত সাৰ সুৰ নাই ”
“সখি! সখি! উঠাছোন!” চিয়ঁৰি চিয়ঁৰি
ৰাণীয়ে সখীক পাছে তুলিলে জগাই।
সাৰ পালে গোলাপীয়ে চালে চকুমেলি
কুঁৱৰীৰ বেশ দেথি হল আচৰিত!
শুধিলে, কি কথা সখি ! কিয় দেখো আজি
এনুৱা তোমাৰ হায়! বেশ বিপৰিত?
হাঁহিমুৱা মুখ খনি কান্দো-কান্দো হল
কিনো বিষাদত সখি? কোৱাঁ সখি মোক;
কিয়নো আনন্দ, হায় ! নাই অন্তৰত?

———————————————————
*গোলাপীক পমিলী বুৰীয়ে গোলাপ বুলি মাতে
[ ৬২ ]

বিষাদেৰে ভৰা কিয়? পোৱাঁ কেনে শোক?
তোমাক এনুৱা দেখি, এনেকুৱা বেশ,—
কঁপিছে পৰাণ মোৰ, –থিৰেৰে নৰয়!
কোৱাঁ সখি! আজি কিয় যোগিনীৰ দৰে
আহিছাই মহা নিশা অন্ধকাৰ ময়?”
গোলাপীৰ কথা শুনিটুকি চকু পানী
কুঁৱৰীয়ে কলে কথা এটা দুটী কৰি;
(আদি অন্ত সকলোৰে) বিষাদ মনত
হৃদয়ৰ শোক তাপ সুঁৱৰি সুঁৱৰি॥
শুনি কুঁৱৰীৰ কথা(সখীৰ স্নেহত)
গোলাপীয়ে দুখে শোকে কান্দিব ধৰিলে!
“এয়ে কি আছিলে, সখি, তোমাৰ ভাগ্যত”
এই বুলি টোপা টোপে চকুলো টুকিলে॥
নাকান্দিবা আৰু তুমি” কলে কুঁৱৰীয়ে,--
আছিলে ভাগ্যত যেনে, ঘটিছে তেনুৱা!
বিধতাৰ ইচ্ছা, সখি! নোৱাৰি খণ্ডাব,
নকৰা মিছাতে আৰু শোক এনে কুৱা॥
এৰি দিয়া শোক সখি! মাগিছোঁ বিদায়।
এয়ে শেষ দেখা দেখি, আৰু নেদেখিম।
শোক দুখ বেজাৰত অৰণ্য মাজত
সুঁৱৰি তোমাক মাথোঁ বিৰলে কান্দিম।
দুর্ভাগ্যৰ ফেৰ্‌ সখি ! আজি শেষ হল
হৃদয়ৰ আশা মোৰ! সখীৰ প্ৰেমত
বান্ধিছিলোঁ কত কথা মিলি দুয়োজনে

[ ৬৩ ]

কত ৰঙ্গে কতদিন বছি গোপনত।
কত সময়ত সখি কত যে ধেমালী
কৰিছিলোঁ দুয়ো মিলি আনন্দ মনত
একে লগে পঢ়ি পঢ়ি কত হাঁহিছিলোঁ
ছোৱালী কালৰ হায়! সখীৰ প্ৰেমত।
গন্ধৰ্ব্ব লোকৰ দুটী ছোৱালীৰ দৰে
বাচিছিলোঁ একে ফুল একে কাপোৰত!
কত সুখে একে লগে বহি দুয়োটীয়ে
গাইছিলোঁ কত গীত শুৱলা সুৰত।
হায় সখি! যেন একে হাত একে সুৰ
একে প্ৰাণ, একে দেহ একেই সকলো
সেই দৰে, একে লগে ধৰা ধৰি কই
আমি দুয়ো সখী সখি! একেই বাঢ়িলোঁ!
যেন দুটি কলাপুলি সৰল কোমল,
স্বতন্ত্ৰ, অথচ, দুয়ো গঁথা মূলে মূলে!
একোটী ঠাৰিতে যেন দুটী ফুলা ফুল,
একে প্ৰাণ, তথাপিও ভিনে ভিনে ফুলে!
বাঢ়িলো ইদৰে, সখি! আমা দুয়োটীয়ে
কিন্তু সি সপোন মোৰ আজি হল শেষ!
মোত লাগি সখি! আৰু নকৰাঁ বেজাৰ!
শেষ দেখা আজি! মোক নিদিবা কেলেশ!”
এই বুলি কুঁৱৰীয়ে ৰল মনে মনে
তপত চকুলো টুকি নীৰলে চকুত।
দুখ বেজাৰৰ তাপ সহিব নোৱাৰি

[ ৬৪ ]

কান্দিব ধৰিলে মূৰ সুমাই বুকুত।
“হায়! সথি ৰজানেকি এনুৱা নিৰ্ম্মম”
ৰানীলই চাই কান্দি গোলাপীয়ে কয়,
“নাই কি তেওঁৰ, হায়! একো বিবেচনা!
ত্যজিলে তোমাক! তেওঁ এনুৱা নিৰ্দ্দয়?
“কিয় সখি! দিছা দোষ মিছাতে ৰজাক?
আপোনাৰ ভাগ্য বেয়া কিহব দোষিলে
মিছাতে লোকক সখি! আছিলে ভাগ্যত
সেই বুলি মোৰ আজি এনুৱা ঘটিলে।”
এই বুলি কুঁৱৰীয়ে ধৰিলে সাবতি
চেনেহেৰে গোলাপীক কান্দি কান্দি কলে
"যাওঁ, সখি। দিয়াঁ মোক সাদৰে বিদায়,
আৰু বেয়া হব মোৰ ৰাতি পুৱা হলে।"
"কিয় যাবা সখি। তুমি অকলে অকলে?
তোমাৰ লগতে যাম ময়ো বনলই।
একে লগে হলোঁ বৰ, বাঢ়িলোঁ দুজনে,
এতিযাকি যোৱা তুমি মোক এৰিহাই?
তুমি এৰি গলে সখি! আজি পৰা আৰু
হৃদয়ৰ কথা কাক কম উলিয়াই?
কেনেনো কৰিব মোক মৰম সাদৰ
এই নগৰত? মোৰ আৰু সখী নাই।”
"অকলে অকলে থই দুখুনী মাৰাক
কি যাবা মোৰে সতে তুমি বন লই?
কিৰূপে থাকিব মাৰা অকলে ঘৰত?

[ ৬৫ ]

তোমাক নেদেখি তেওঁ ৰব কেনেকই?
তোমাক নেদেখি, সখি। কান্দিব মাৰাই
আউলি বাউলি হই দাৰুন শোকত
নালাগে, নোৱাৰা তুমি যাব বনলই
মোৰে সতে আজি সখি! মনৰ বেগত।
আকউ আহিম, সখি।” কয় গোলাপিয়ে
"উলটি আহিম থই তোমাক বনত।
এই বুলি, তুলি আনি টোপনীৰ পৰা
সকলোটী কলে কথা, মাকৰ আগত।
দিলে মাকে অনুমতি। চেনেহী গোলাপী
গল পমিলীয়ে সতে ৰানীৰ লগত
এখুজি দুখুজি কৰি অৰণ্যৰ ফালে
শোক দুখ তাপ লাই হিয়াৰ মাজত,।


কমতাপুৰ ধ্বংস কাব্য (page 65 crop)