যদি দেখোঁ সেই মুখ এবাৰ মাথােন
যমো যদি নিজে আহে, নকৰোঁ যে ভয়!
নৰকতাে পৰোঁ যদি, তাতাে পাম সুখ
সেই মুখ খনি ভাবি,-ব'লা মােক লই।”
কত ক'লে এই দৰে, কিন্তু কোটোৱালে
একো নুশুনিলে, হায়! শিলাময় মন!
দাঙ্গি ল'লে তৰােৱাল! “অষ্টমীৰ দিনা”
কাটে যেনেকই ছাগ, কাটিলে ব্ৰাহ্মণ!
ইকি ভয়ঙ্কৰ দৃশ্য! পুখুৰীৰ পাৰ
তেজেৰে ৰাঙ্গলী হ’ল। নিষ্ঠুৰ কোটাল!—
ব্ৰহ্মবধ কৰি হায়! নালাগেনে বেয়া?
মানুহক কাটি নে কি পাৱ বৰ ভাল?
শিলেৰে বন্ধাই নে কি পঠালে ঈশ্বৰে,
নিৰ্দ্দয় নিষ্ঠুৰ হায়! হিয়া তহঁতৰ?
নালাগে পাপৰ ভয়, কৰুণা মনত
অকালত প্ৰাণ বধ কৰোঁতে নৰৰ?
আহা নন্দ! কান্দে প্ৰাণ! ভাবিলে তােমাৰ
এনেকুৱা দশা আজি পুখুৰী পাৰত!
বিদেশৰপৰা তুমি কত আশা কৰি
আহিছিলাঁ দেশলই কত হেপাহত!
আছিলে হেপাহ কত পাম বুলি সুখ
আকউ দেশত দেখি প্ৰণয়িনী মুখ;
কিন্তু সেই আশা হায়! নউ পুৰুতেই
ৰাক্ষসৰ হাতে প্ৰাণ এৰিলা নিজেই!
পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৭৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
সপ্তম সর্গ।