সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কমতাপুৰ ধবংসকাব্য।

এনুৱাই ঘটে যদি প্ৰকৃত প্ৰেমত
প্ৰেমক বিচাৰি কিয় ফুৰে জগতত
নিৰ্ব্বোধ মানুহে হায়! নাভাবি দুগুণি।
এয়েনে কি প্ৰতিফল প্ৰেমৰ সলনী?
ই কি কাণ্ড ভয়ানক! নিষ্ঠুৰ কোটালে
কুটি বাচি ল'লে হায় মাংস ব্ৰাহ্মণৰ!
মুৰটীও ল’লে বান্ধি! নৰমাংস খোৱা
আছে কি মানুহ হায়! ক’তো জগতৰ?
এতিয়াও আছেনে কি লঙ্কাৰ ৰাক্ষস?
বকাসুৰ, বঘাসুৰ ঘোৰ অৰণ্যত?
সিহঁতৰে পো-নাতিনী নে কি কোটোৱাল?—
কাটিলি বামুন আজি মাংসৰ লোভত?
পঢ়িছোঁ পুথিত বহু আগৰ কালৰ,
(ইতিহাস পুৰাণত প্ৰাচীন যুগৰ)
বহু আচৰিত কথ,—সত্য-দ্বাপৰত
পশুৰ সন্তান হয় নাৰীৰ গৰ্ভত!
তহঁতেও নে কি হায় নিৰ্দ্দয় কোটাল!—
পশুৰ সন্তান? (মাথোঁ সাজ মানৱৰ?
পশুৰো যে আছে দয়া মায়া অন্তৰত;
নাই মাথোঁ কনামাত্ৰো দয়া তহঁতৰ!
মূৰটীয়ে স’তে লই মাংস ব্ৰাহ্মণৰ
নগৰৰ ফালে গ'ল বেগে কোটোৱাল।
পৰেকীয়া সময়ত পালেগই গই
ৰজাৰ নগৰ, আৰু ৰজাক কোটাল