পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
সপ্তম সর্গ।

সেই একে ছবি দেখোঁ হিয়াৰ মাজত?
সেই মূৰ্তি, দেখোঁ, মােৰ চিৰ লগৰীয়া?
অলপপ আঁতৰ ক'তো হােৱা নাই কিয়া।
হায়! পিতা, মই অতি পাপী নৰাধম!
একোতেই নােৱাৰিলো তোমাৰ আদেশ
পালন কৰিব মই! কি ৰূপে দেখাম
তোমাক ইমুখ মােৰ? জন্মিছে কেলেশ।
কত ক'লা, পিতা! তুমি (ভালৰ কাৰণে)
পাহৰিব' সেই মুখ, হৃদয়ৰ পৰা
আঁতৰাব সেই ছবি, একোনোৱাৰিলো!
সেই মুখ, পিতা! মােৰ শােক-তাপ-হৰা।
মিছা তীৰ্থ লই গ'লোঁ, মিছা অতদিন
বিদেশ ফুৰিলোঁ, পিতা! একোকে ন'হল!
পাহৰা থাওক পৰি নিতে সোঁৱৰণী
আনি সেই মুৰ্ত্তি মোক কৰিলে বিকল।
উস!–
জলিছে হিয়াত বিষম যাতনা
পৰি প্ৰনয়ৰ ঘােৰ প্ৰমাদত।—
জ্ঞান বুদ্ধি আজি গ’ল সকলােটী ,
জ্বলে মাথোঁ হিয়া নিতে বিষাদত।
ভূলিছোঁ জগত, ভূলিছোঁ সংসাৰ
ভূলিছে আকাশ, অমৰা নগৰ!
ভূলিছোঁ অদৃষ্ট ভাগ্য আপােনাৰ,
জীবন মৰণ নৰ জীৱনৰ,