পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৮
কমতাপুৰ ধ্বংস কাব্য।

“ব্ৰহ্মবধ-পাপ? দুষ্ট!” কয় কোটোৱালে,—
“শুদিৰিণী-সংসৰ্গত তেজ ব্ৰাহ্মণৰ
নষ্ট পালে তােৰ গাৰ! পতিত ব্ৰাহ্মণ!
কলঙ্ক এতিয়া তই ব্ৰাহ্মণকুলৰ।
তােক কাটি থলে, আৰু ব্ৰহ্ম-প পাপ
নালাগে ৰজাৰ গাত, কিম্বা কাটোঁতাৰ।
পতিত ব্ৰাক্ষণ তই! শুদিৰণী-লােভী।
ব্ৰাহ্মণকুলৰ তই কুলৰ এঙ্গাৰ।”
“যদি সেয়ে হয়," ধীৰে বুলিলে নন্দই,—
“একো কথা নাই, যদি আদেশ ৰজাৰ,—
কাটি থ'বা মােক; আৰু নাই আশা মােৰ
এই পাপ-পৰাণত, অনিত্য, অসাৰ!
মিনতি কৰিছো, কিন্তু নাকাটি এতিয়া,—
লই ব’লাঁ মােক মােৰ আপােন ঘৰত,—
শেষ দেখা দেখি লওঁ পিতাদেৱে স’তে,—
আৰু পৰাণৰ দেবী, যাৰ সংসৰ্গত
কলঙ্কিত বুলি সবে নিন্দিছাঁ নন্দক।
হেপাহ পূৰাই লওঁ সেই মুখ চাই!—
আৰু যে নহব দেখা এই জনমত!—
দেখুৱাঁ এবাৰ মাথোঁ, আৰু আশা নাই!
মাৰা, কাটা, যেই কৰা কৰিব পাচত,—
এবাৰ দেখুৱাঁ মাথোঁ সেই মুখ খনি
প্ৰেমময়ী প্ৰতিমাৰ, যাৰ বিৰহত
জ্বলিছে হিয়াত মােৰ দাৰুণ অগনি।