দেখুৱালে উলিয়াই মুৰটী নন্দৰ, মাংসৰ টোপোলা থলে ৰজাৰ আগত! মাংস দিলে খাবলই মন্ত্ৰীৰ ঘৰত হৰিণাৰ মাংস বুলি! মূৰটী সুমাই থ’লে লুকাই ৰজাই, আহাহা! আাকাশ!! বজ্ৰহীন আজি তই!—নতুবা বজ্ৰত নাই সেই তেজ আজি, যি তেজেৰে স’তে ত্ৰিলোক কঁপাইছিলে তাহানি কালত ।