পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
সপ্তম সৰ্গ।

বেঢ়ি ললে কোটোৱালে, ধৰিলে হাতত,
বিয়াকুল হ’ল ডেকা প্ৰাণৰ ভয়ত।
শুধিলে কাতৰ মুখে, "কিয় ধৰা মোক?
নাই কৰা একো মই, নাই কোনো দোষ!
হাতে হাতে তৰোৱাল দেখি লাগে ভয়!
কি দোষত আজি মোক কাটিব খুজিছাঁ?
মন্ত্ৰীৰ পুতেক মই, নাই অপৰাধ,
আহিছোঁ তীৰ্থৰপৰা, কিয়নো ধৰিছ?”
এই বুলি কই নন্দ চকু পানী টুকি
কান্দিব ধৰিলে, হায়! প্ৰাণৰ ভয়ত!
নন্দলই চাই ক্ৰোধে ক'লে কোটোৱালে,
"ৰজাৰ আদেশ তোক কাটিব বাটত।
পাপী নৰাধম তই! ব্ৰাহ্মণ কুলত
জন্ম লই, কৰ তই পৰস্ত্ৰীত আশা?
সেই দোষ নে কি তোৰ দোষেই নহয়?—
সি পাপতে আজি তোৰ এনেকুৱা দশা।
খন্তেকৰ পাচে আৰু নাথাকে পৰাণ,—
অধম দেহাত তোৰ!—ইষ্ট-দেৱ-নাম
সুঁৱৰিব খোজ যদি, সুঁৱৰি ল তই,—
নহলে, নাপাবি আৰু এনুৱা সময়।"
"বিশ্বাস নহয় মোৰ," বুলিলে নন্দই,—
নকৰে কদাপি ৰজা ব্ৰহ্ম-বধ-পাপ।
খঙ্গত যদিও তেও কইছে সিদৰে
এতিয়া,—পাচত পাব ঘোৰ মনস্তাপ।"