কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/ত্ৰয়োদশ সৰ্গ
ত্রয়ােদশ সর্গ।
⸺<>⸺
She, with all a monarch's pride
Felt them in her bosom głow,
Rushed to battle, fought and
* * hurled them at the foe.
Ruffians, pitiless as proud
Heaven awards the vengeance due;
* * * * * *
Shame and ruin wait for you
⸻Cowper.
পঞ্চমী তিথি আজি সৰস্বতী পূজা
কমতা পুৰৰ ৰজা প্রজাৰ ঘৰত,
বহু হাবিয়াস কৰি পূজিছে আইক
সাদৰী ৰাণীয়ে কত ভকতি মনত।
ভাৰতীৰ পূজা আজি, দিন আনন্দৰ।
কোনাে খেলে দবা ‘পাশা কোনাে খেলে কড়ি’;
কোনােৱে বাইছে বীন (অতি চেনেহৰ
আইৰ বজোৱা যন্ত্র) উলাহেৰে ধৰি।
ৰজাৰ চৰাত আজি বহু মানুহৰ
সমাগম ভাৰতীৰ পূজা চাবলই;
ভৰাই ভক্তি ফুলেৰে হৃদয়ৰ তোড়া
আইৰ পাৱত দিছে হাবিয়াস কই।
ভূমি লুটি সেৱা কৰি, ভকতি ভাৱেৰে
কৰিছে আইক আজি কত তুতি-নতি!
দেখি এনেকুৱা ভাব, আইৰ প্ৰতিমা,
আছে কি এনুৱা যাৰ নোপজে ভকতি?
বাজিছে পাৱত আহা! এপাহি পদুম
ত্ৰিভঙ্গ মুৰতি আই, ধৱল বৰনা;
সেউজীয়া সাজ তাতে জিলিকিছে গাত
অপুৰ বিভাৰে লই জেউতীৰ কনা!
“কচ্ছপী” বাজিছে আহা! হাতত ধুনীয়া
অতি সাদৰৰ বীণা ভাৰতী আইৰ
বাজে বাজে যেন লাগে অমিয়া সুৰেৰে,
দুৰ্ভগা কবিৰ কৰি অন্তৰ সুথিৰ!
সৰস্বতী পূজা আজি,-যাৰ কৰুণাত
আৰ্জ্জিলে অক্ষয় কীৰ্ত্তি কবি চেক্ষপীৰ,
ভাৰ্জ্জিল, হোমাৰ, দান্তে, অন্ধক মিল্টন,
কমতাত পূজা আজি সেই ভাৰতীৰ!
কৰিব নোৱাৰি হায়! ঠিক উচ্ছাৰন
“উষ্ট্ৰ” শবদৰ নিজ প্ৰিয়াৰ কাষত
পাই মহা অপমান, ত্যজি গৃহবাস,
অৰন্যত গই পাছে দুখ বেজাৰত
যাক পূজা কৰি পালে “কবিত্ব শকতি
ভাৰতীয় কালিদাসে, যাৰ চেনেহত
শকুন্তলা, "মেঘদূত’, "কুমাৰ সম্ভব ”
ৰঘুবংশ আদি কাব্য ৰচিলে পাছত
যাক পুজা কৰি আজি মৰিও অমৰ
কালিদাস, চেক্ষপীৰ, কবি ভবভূতি,
সেই ভাৰতীৰ আজি পূজা কমতাত!
কৰিছে আইক ৰাণী ভকতিৰে তুতি
নোহোৱা কেবল আই! কবিৰে ঈশ্বৰী
বীৰৰো ঈশ্বৰী তুমি, সমৰ জয়িনী!
তুমি বিষ্ণু, তুমি শিৱ, তুমি প্ৰজাপতি,
তুমি আদি, তুমি অন্ত, তুমি শক্তি, বাণি!
তুমিয়ে বধিলা মাতৃ! শুম্ভ নিশুম্ভক,
দশভূজা ৰপ ধৰি মহিষাসুৰক,
ৰাম ৰূপে ৰাৱনক, কৃষ্ণ ৰূপে কংস,
যমদগ্নি ৰূপ ধৰি ক্ষত্ৰীয়ৰ বংশ!”
এই দৰে কৰে তুতি ৰজা আৰু ৰাণী;
পূজাৰীয়ে কৰে পুজা সাদৰে আইক;
এনেতে আহিলে এটা দুৱাৰ ৰখীয়া,
হাত যোৰ কৰি ক’লে ৰজা কুঁৱৰীক;
“আহিছে বেগম’ বহু দোলাৰে সইতে,
দুৱাৰতে আছে ৰই, আহিব খুজিছে;
অনুমতি দিয়ে যদি, যাওঁ আনোগই
ৰ’দত 'বেগমে বহু কেলেশ পাইছে!"
দুৱৰীৰ কথা শুনি, শুধিলে কুঁৱৰী—
“দেখিছিলা নেকি? কোৱাঁ, কেনুৱা ‘বেগম’
কেনেকুৱা সাজ পাৰ? কেনুৱা ৰূপত?
কখাবাত্ৰা কেনেকুৱা? কেনুৱা আয়ম
পেৰোৱাই মা দোলা কলে দুৱৰীয়ে,
নাই পোৱা দেখা হলে মই ‘বেগমক;
আহিছে বহুত দোলা লগত তেওঁৰ,
আজ্ঞা পালে আনোগই শীঘ্ৰে সিলোকক!
“যোৱা তুমি আনাগই শীঘ্ৰে বেগম
দুৱৰীক চাই পাছে বুলিলে কুঁৱৰী!
অনুমতি দিলে ৰজা ৰানীৰ কথাতে;
নিবলই বেগমক আহিল দুৱৰী!
আনন্দ মনত গ'ল কুঁৱৰী সোমাই,
পমিলী বুৰীক মাতি ক'লে উলাহত;
“আহিছে ‘বেগম’ বাই! পাবহি এতিয়া,
বহুত মানুহে স’তে আছে দুৱাৰত!”
তামুলী চ’ৰাত গই পা! ধাৰি কঠা,
দলিহা, বানত আদি বহাৰ সজুলী!
এই সাজ এৰি তুমি পিন্ধা আন সাজ,
বেলি নকৰিবা বাই বান্ধ! চুলি-টুলি!”
ধুন-পেচ আৰু আই! লাগিছে কেলেই!
নহও গাভৰু আমি! এই সাজে হব!
তোমাৰ বয়স আছে তুমি পিন্ধাগই
ভাল সাজ অলঙ্কাৰ তেতিয়া বাব!”
বুৰী হলে নেকি বাই! কলে কুঁৱৰীয়ে,
“ভালই সাজ পাৰ নাপায় পিন্ধিব?
খোঁপা মাথোঁ বান্ধে নেকি গাভৰু কালত!
বুৰীৰ বুলিলে চুলি মুকলি থাকি!
এই সাজ পাৰ আৰু মুকলি চুলিৰে
দেখিলে তোমাক বাই! বেগমে ভাবিব,
কমতা নগৰ বাসী তিৰুতা মানুহ
ভাল কই পিন্ধি উৰি নাজানে থাকিব৷”
এই বুলি কুঁৱৰীয়ে পিন্ধিলে উৰিলে,
বুৰীয়েও সাজ পাৰ পিন্ধিলে শলাই;
দলিছা, বানত, ধাৰি-কঠ মিহি পাটী
তামুলী চৰাত পাৰে কোঠালী ভৰাই
লাগিছে ৰানীৰ গাত উলহ-মালহ
বেগমক চাবলই গউৰ দেশৰ;
আহিব আহিব বুলি কত আশা কৰি
আছে তেওঁ উলাহেৰে ভৰাই অন্তৰ!
কিন্তু অকস্মাতে হায়! বজ্ৰাঘাত হ’লে
যিৰূপে নৰৰ প্ৰাণ কম্পমান হয়,
হঠাতে বাজত শুনি সেনাৰ কোঢ়াল,
সি ৰূপে ৰানীৰ কঁপি উঠিলে হৃদয়!
বেগা-বেগি কই ৰানী আহিলে ওলাই
পমিলী বুৰীয়ে স’তে দেখিলে বাজত;
আছে দোলা সুদা হই নহয় বেগম,
আহিছিল যোদ্ধা মাথোঁ দোলা-ভিতৰত!
মেলেচৰ ফাঁকি মাথোঁ, পাৰিলে বুজিব,
বুদ্ধি ছলনেৰে মাথোঁ ছলিলে যৱন!
তিৰুতা পঠাম বুলি পঠিয়াই সেনা
পেৰোৰাই ভিতৰত কৰে আক্ৰমন!
দেখিলে ৰানীয়ে বহু নিৰস্ত্ৰ সেনাৰ
নাশ কৰি প্ৰাণ দুষ্ট গৌৰীয়া সেনাই,
বিশ্বাস-ঘাতক কৰি কমতা ৰজাক
বন্দী কৰি বেৰি-কুৰি ধৰিলই যায়।
স্বোৱামীক নিছে ধৰি যৱন সেনাই
তিৰুতাৰ প্ৰাণে হায়! পাৰে কি সহিব?
বীৰাঙ্গনা ৰূপ ধৰি যুদ্ধ সাজ পিন্ধি,
যৱনক চাই ৰানী ধৰিলে বুলিব।
দুৰাত্মা যৱন! আহা! কৰিলি কি কাজ?
ছলেৰে ভূলাই আজি বৰিলি ৰজাক?
নিৰস্ত্ৰ কালত হায়! বধিলি বহুত
কমতাৰ সৈন্য সেনা বহুত যােদ্ধাক।
লঙ্কা নগৰৰ যেনে বীৰ ইন্দ্রজিত,
ৰাক্ষস গৌৰব-ৰবি বধিলে লক্ষ্মণ
সােমাই যজ্ঞৰ ঘৰ নিৰস্ত্ৰ কালত,
তেনেকুৱা ছল আজি কৰিলি যৱন।
মিলা-প্রীতি কৰোঁ বুলি ছলেৰে ভূলালি;
তিৰুতা পঠাম বুলি যােদ্ধাৰো পঠালি।
নিৰস্ত্ৰ কালত হয়! নাশিলি সেনাক,
অনিয়ায় মতে বন্দী কৰিলি ৰজাক।
ই পাপৰ প্ৰতিফল পাবি হে যৱন!
প্রকৃততে যদি হওঁ ৰানী কমতাৰ।”
এই বুলি ল’লে দাঙ্গি এহাতেৰে জাঠি
এহাতেৰে তােল তীক্ষ্ণময় ধাৰ।
সহিব নোৱাৰি হায়! ৰোমীয় সেনাৰ
দূৰ-ব্যৱহাৰ, যেনে ৰাণী ব্ৰিটেনৰ,
বোডেচীয়া—যুদ্ধ-সাজে সাজি পাৰি পাছে
অমৰ বেগত গ’ল কৰিব সমৰ,
কিম্বা যেনে কই হায়! লঙ্কাৰ ঈশ্বৰী,
মন্দোদৰী—শুনি মৃত্যু ৰামৰ হাতত
পৰাণৰ স্বোৱামীৰ, যুদ্ধ-সাজ পিন্ধি
আহিছিলে যুদ্ধ দিব মনৰ বেগত;
সিৰূপে কুঁৱৰী আজি বীৰাঙ্গণা সাজি,
জাঠি তৰোৱাল লই ওলাল যুদ্ধত,
প্ৰাশৰ আশা এৰি স্বামী উদ্ধাৰিব
কমতা বাসীক চাই বুলিলে পাছত;
কমতা নগৰ বাসী, কি ল’ৰা কি বুঢ়া!
ওলোৱা সকলো আজি পিন্ধি যুদ্ধ-সাজ!
নিৰস্ত্ৰ কালত আহি, তিৰুতা বেশেৰে
ধৰিলে ৰজাক দুষ্ট যৱনে নিলাজ;
অনিয়ায় কৰি বহু বধিলে সেনাক,
কমতাৰ স্বাধীনতা হৰিব খুজিছে
বিশ্বাস-ঘাতক দুষ্ট যৱন মেলেছে!
এই শোকে মোৰ আজি হৃদয় জলিছে!
ওলোৱাঁ! ওলোৱা! সবে বেলি নকৰিবা,
যুদ্ধ-সাজ-পাৰ পিন্ধি, নতুবা হৰিব
কমতাৰ ৰাজ-লক্ষ্মী নিলাজ যৱনে,
স্বাধীনতা-সুখ বেলি অকালে ডুবিব!
মেলেছৰ পদানত হ’ব জন্ম ভূমি!
এই দুখ তোমালোকে কি কৰি সহিবা?
স্বাধীনতা মহাৰত্ন চোৰক বিলাই,
কিবা লই আৰু হায়! ঘৰত থাকিবা?
এদিনৰ স্বাধীনতা স্বৰগৰ সুখ,
পৰাধীনতাত নিতে দুখ নৰকৰ!
সেই দুখ তোমোলোকে কিৰূপে সহিবা?
কেনেকই ‘পদানত হ’বা যৱনৰ?
পৰাধীনতাতকই মৰাই মঙ্গল!—
আহা আহা সৈন্য-সেনা যাও সমৰত!
উদ্ধাৰিম নিজ ৰাজ্য, আপোনাৰ ৰজা,
নতু, সকলোৱে প্ৰাণ ত্যজিম যুদ্ধত!
জনম ভূমিৰ অৰ্থে তিয়াগি পৰাণ,
সম্মুখ যুদ্ধত মৰি যাম স্বৰ্গলই!
ওলোৱা ওলোৱা সবে, নকৰি বৰ বেলি,
নকৰিবা একো আজি পৰাণৰ ভয়
কৰিলো প্ৰতিজ্ঞা কমতা নগৰ
শত্ৰুৰ তেজেৰে ৰাঙ্গলী কৰি,
বিনাশি যৱন মেলেছৰ সেনা
আপোন স্বোৱামী আনিম কাঢ়ি!
ৰজাৰ জীয়ৰী ৰজাৰ কুঁৱৰী,
স্বামীৰ স্নেহৰ তিৰুতা মই
দেখাম বীৰতা দেখাম ক্ষমতা
যৱন সেনাক বিনাশ কই!
পুৰ্ব্বে নাই ধৰা জাঠি তৰোৱাল,
নাই দেখা আগে যুদ্ধনো কেনে,
আজি সি হেপাহ লও পুৰুৱাই,
ওলোৱাঁ সকলো যোদ্ধাৰো তেনে!
কত বল ধৰে কমতাৰ ৰাণী
যৱন সেনাক দেখাওঁ আজি;
মৰে কি নমৰে তিৰীয়ে মাৰিলে,
চাও গই তাত, ওলোৱাঁ সাজি
কৰিলো প্ৰতিজ্ঞা গউৰ নগৰ
নেদেখে যৱনে আকউ গই!
আজি মোৰ পণ, ৰাজ-সিংহাসন
ৰখাম নিশ্চয় স্বাধীন কই!
কৰিলো প্ৰতিজ্ঞা, কমতা নগৰ
শত্ৰুৰ তেজেৰে ৰাঙ্গলী কৰি
বিনাশি ৰত্ন মেলেছৰ সেনা
আপোনাৰ স্বামী আনিম কাঢ়ি!
কমতা নগৰ ৰানী সকলো তিৰুতা!
আহা, আজি সকলোটী যাও সমৰত;
উদ্ধাৰিম নিজ ৰাজ্য, ৰজা আপোনাৰ,
নতু সকলোৰে প্ৰাণ ত্যজিম যুদ্ধত!
জনম ভূমিত লাগি তিয়াগি জীৱন,
সম্মুখ যুদ্ধত পৰি যাম স্বৰ্গলই;
ওলোৱা সকলো আজি কমতা-বাসিনি!
পৰাণৰ ভয় কৰি নাথাকিবা ৰই!
নতু⸻
কৰিলো প্ৰতিজ্ঞা আজি কমতা নগৰ
শত্ৰুৰ তেজেৰে সতে ৰাঙ্গলী কৰিম;
বিনাশি যৱন, দুষ্ট মেলেছৰ সেনা,
আপোনাৰ স্বোৱামীক উদ্ধাৰি আনিম!
কুঁৱৰীৰ কথা শুনি, কমতাপুৰৰ
ল’ৰা বুঢ়া সকলোেটা ওলাল যুদ্ধত;
ওলাল সকলো আৰু তিৰুতা দেশৰ
জাঠি, তৰোৱাল লই সবে দুহাতত!
জয় কুঁৱৰীৰ জয়” উঠিলে শবদ
কমতাপুৰৰ হায়! গগন উথাই,
ভীমা মুৰ্ত্তি ধৰি আজি সাদৰী কুৱৰী
যৱন সেনাক পাছে পাছে খেদি যায়
আগে আগে যায় দুষ্ট যৱনৰ সেনা
কমতা-ৰজাক লই নিজা কোঠালই,
পাছে পাছে যায় খেদি সাদৰী কুঁৱৰী
যৱনক ধৰ, ধৰ, মাৰ মাৰ কই!
নাচায় উলটি দুষ্ট যৱন মেলেছ,
কোঠত সোমাব মাথো গইছে বেগাই!
দেখি যৱনৰ এনে কাপুৰুষ-ভাব,
সাদৰী ৰাণীয়ে পাছে কলে ৰিঙ্গিয়াই;
কাপুৰুষ! ভীৰু! দুষ্ট মেলেছ যৱন!
নকৰি সমৰ কিয় গই পলাই!
আৰু পলা আৰু সোমা কোঠাৰ মাজত,
ৰাণীৰ হাতত কিন্তু ক’তো ৰক্ষা নাই ।”
এই বুলি গই ৰাণী সেনাৰে সইতে
যৱন-সেনাৰ কোঠ কৰি আাক্রমণ,
ভীমা-মূৰ্ত্তি চণ্ডী যেনে দৈত্যৰ যুদ্ধত,
খণ্ড খণ্ড কৰি বহু কাটিলে যৱন।
যৱনৰ তেজে হ’ল কোঠ পঙ্কাকুল;
তিষ্ঠিব নোৱাৰি পাছে ৰাণীৰ যুদ্ধত,
যেনিয়ে তেনিয়ে গ’ল অৱশিষ্ট সেনা
যৱনৰ— ভয় পাই প্ৰাণৰ ভয়ত।
ধন্য ধন্য তুমি ৰানি! কমতা ঈশ্বৰী!
দেখালা বীৰতা আজি নাৰীৰ মৰ্ত্যত।
শতুৰুক ধ্বংশ কৰি অতুল সাহসে,
ৰাখিলা অক্ষয় কীৰ্ত্তি তুমি জগতত।
বীৰতা তোমাৰ দেখি, পুৰনী কালৰ
অতীত ঘটনা কত পৰেহি মনত;
সত্য, ত্ৰেতা, দ্বাপৰৰ কত কথা আনে
সোঁৱৰণী ধীৰে ধীৰে কত উলাহত।
ব্রিটনৰ সেনা হায়! তাহানি কালত,
কৰিছিলে অৱৰোধ আর্লিন নগৰ;
ষোল বছৰীয়া এটী ফৰাচী ছোৱালী
জোৱানে* পাছত আহি কৰিলে সমৰ।
হেৰুৱালে বিপক্ষক, ব্রিটন সেনাক,
আর্লিন কৰিলে ৰজা ভীমা মূৰ্ত্তি ধৰি;
* Joan d’ Arc.
তুমিও সিৰূপে আজি আছি সমৰত,
হেকৰাই যৱনক ধংশিলা কু বৰি!
ফৰাচীৰ ইতিহাস থাকে যত দিন,
থাকিব সিমান দিন নাম জোৱানৰ;
আসামত যত দিন থাকে অসমীয়া,
থাকিব উলি যশ তোমাৰো নামৰ!
ৰাণীৰ ৰজা দেখি, পলালে যৱন,
বিচাৰি বিচাৰি পালে ৰাণীয়ে ৰজাক
কিন্তু যেনে অৱস্থাত দেখিলে তেওক,
কান্দে ৰাণী ভুকুৱাই আপোন-হিয়াক!
হায়া হায়া প্ৰানাথ! এয়েকি অছিল
ভাগ্যত তোমাৰ? হৃষ্ট মেলেছ ঘনে
কৰিলে অক্ষতবিক্ষত শৰীৰ তোমাৰ!
কৰিলে৷ মিছাতে নেকি অত চেষ্টা তেনে?
তোমাৰ কাৰণে নাথ! প্ৰাণভৰ এৰি,
যৱন সেনাক বহু নাশিলো যুদ্ধত;
কিন্তু হায়া কান্দে প্ৰাণ, দেখিলে তোমাৰ
অমানুফি অত্যাচাৰ শক্ৰৰ হাতত!
এই বুলি শোকে ৰাণী কামিল্লব’ ধৰিলে,
ঠোকা-ঠোকি কই মাডি বুলিলে ৰজাই,
“ব্ৰহ্মৰধি মই প্ৰিয়ে! সি মহাপাপত
যটিলে এনুৱা মোৰ , উস! প্ৰাণ বাঙ্গ!
নাকান্দিবা৷ তুমি প্ৰিয়ে! নকৰিবা শোক,
কান্দিলেও আৰু তুমি নেদেখিবা মোক
এই জগতত হায়।-হইছে অৱশ
মন, প্ৰাণ, দেহা ক্ৰমে, মুখনি নীল।
খন্তেকৰ পাছে প্ৰিয়ে। প্ৰাণ পখী যাব।
দেহা-সজা এৰি থই, তুমি না-কা-ন্দি-বা।
শুকাইছে ঘনে ঘনে মুখ থনি মোৰ।
দিয়াছে এটোপা পাণী শোক নকৰিবা?
এই বুলি চকুন্দুৰী মুদিলে ৰজাই।*
কুৰীয়ে দিলে আনি পাণী একজলী;
পণী খাবলই কিন্তু নেমেলিলে মুখ।
নাচালে ৰাণীক আৰু তেওঁ চকু মেলি।
পলালে ৰজাৰ প্ৰাণ দেহা এৰি থই,
কান্দিব ধৰিলে ৰাণী (মনৰ বেগত
আঁকোৱালি ধৰি মৃত দেহ। ঘোৰামীৰ
ইনাই বীনাই হায়। দাৰুণ শোকত।
“উঠা উঠা প্ৰাণনাথ! এবাৰ সম্ভাষ। ক
চকুমেলি চোৱাহে এবাৰ।
তোমাৰ প্ৰেয়সী আজি, কালে অভাগী কুৰী
চৰণত ধৰিহে তোৰ।
গেইট চাহাবৰ মতে
Nilambar was taken prisoner and it was intended to arry him to Gour, but on the way he made his escape and was never heard of again.
Gait'. "History of Assan" page 48.
চোৱা চকু মেলি নাথ! কমতা এন্ধাৰ আজি,
লয় পালে সকলো ভৰসা!
কোনে জানে, এনে হ’ব, সুখ-বেলি অস্ত যাব
অভাগীৰ কৰি এনে দশা॥
স্বামী কমতাৰ ৰজা, ৰজাৰ কুৱৰী মই,
আজি যেন নিশাৰ সপোন!
আঁতৰি আঁতৰি গ’ল সুখৰ সুন্দৰ ছবি,
কেলেশত কৰি নিমগণ॥
আৰু অভাগী কুঁৱৰী কাৰ পদ-সেবা কৰি
জীব এই সংসাৰ-মাজত।
য’লই গইছা তুমি, তলইকে যাম মই,
ছঁয়া হায়! থাকিব দেহত॥
এই দৰে শোকে বহু কান্দিলে কুঁবৰী
স্বামীৰ শোকত হিয়া-মূৰ ভুকুৱাই।
বিয়াকুল হই হায়! পমিলী বুৰীয়ে
বুলিব ধৰিলে পাছে ৰাণীলই চাইঃ—
“কি হ’ব কান্দিলে আই। আৰু নাকান্দিবা;
কান্দিয়ে কটালে কাল, একোকে নহয়।
ৰজাৰ দেহটী নিব লাগে শ্মশানত
কি হব থাকিলে অাৰু ৰই এনেক।”
এই বুলি পমিলীয়ে দোলা অনোৱাই,
ঢুলীয়া গায়নে স’তে, তুলিলে দোলাত
ৰজাৰ দেহাটী নিলে শ্মশানৰ ফালে
দুখে শোকে কান্দি কান্দি তুলিব চিতাত।
কান্দি কান্দি কুঁৱৰীও গ’ল লগে,
কমতাৰ লৰা বুৰা বেজাৰ মনত।
সুখ-সূৰ্য্য কমতাৰ ঢাকিলে দাৱৰে
ভৰাই নগৰ হায়! ঘোৰ এন্ধাৰত।