পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


মেলেছৰ পদানত হ’ব জন্ম ভূমি!
এই দুখ তোমালোকে কি কৰি সহিবা?
স্বাধীনতা মহাৰত্ন চোৰক বিলাই,
কিবা লই আৰু হায়! ঘৰত থাকিবা?
এদিনৰ স্বাধীনতা স্বৰগৰ সুখ,
পৰাধীনতাত নিতে দুখ নৰকৰ!
সেই দুখ তোমোলোকে কিৰূপে সহিবা?
কেনেকই ‘পদানত হ’বা যৱনৰ?
পৰাধীনতাতকই মৰাই মঙ্গল!—
আহা আহা সৈন্য-সেনা যাও সমৰত!
উদ্ধাৰিম নিজ ৰাজ্য, আপোনাৰ ৰজা,
নতু, সকলোৱে প্ৰাণ ত্যজিম যুদ্ধত!
জনম ভূমিৰ অৰ্থে তিয়াগি পৰাণ,
সম্মুখ যুদ্ধত মৰি যাম স্বৰ্গলই!
ওলোৱা ওলোৱা সবে, নকৰি বৰ বেলি,
নকৰিবা একো আজি পৰাণৰ ভয়
কৰিলো প্ৰতিজ্ঞা কমতা নগৰ
শত্ৰুৰ তেজেৰে ৰাঙ্গলী কৰি,
বিনাশি যৱন মেলেছৰ সেনা
আপোন স্বোৱামী আনিম কাঢ়ি!
ৰজাৰ জীয়ৰী ৰজাৰ কুঁৱৰী,
স্বামীৰ স্নেহৰ তিৰুতা মই
দেখাম বীৰতা দেখাম ক্ষমতা
যৱন সেনাক বিনাশ কই!