সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
ত্ৰয়োদশ সৰ্গ।

পুৰ্ব্বে নাই ধৰা জাঠি তৰোৱাল,
নাই দেখা আগে যুদ্ধনো কেনে,
আজি সি হেপাহ লও পুৰুৱাই,
ওলোৱাঁ সকলো যোদ্ধাৰো তেনে!
কত বল ধৰে কমতাৰ ৰাণী
যৱন সেনাক দেখাওঁ আজি;
মৰে কি নমৰে তিৰীয়ে মাৰিলে,
চাও গই তাত, ওলোৱাঁ সাজি
কৰিলো প্ৰতিজ্ঞা গউৰ নগৰ
নেদেখে যৱনে আকউ গই!
আজি মোৰ পণ, ৰাজ-সিংহাসন
ৰখাম নিশ্চয় স্বাধীন কই!
কৰিলো প্ৰতিজ্ঞা, কমতা নগৰ
শত্ৰুৰ তেজেৰে ৰাঙ্গলী কৰি
বিনাশি ৰত্ন মেলেছৰ সেনা
আপোনাৰ স্বামী আনিম কাঢ়ি!
কমতা নগৰ ৰানী সকলো তিৰুতা!
আহা, আজি সকলোটী যাও সমৰত;
উদ্ধাৰিম নিজ ৰাজ্য, ৰজা আপোনাৰ,
নতু সকলোৰে প্ৰাণ ত্যজিম যুদ্ধত!
জনম ভূমিত লাগি তিয়াগি জীৱন,
সম্মুখ যুদ্ধত পৰি যাম স্বৰ্গলই;
ওলোৱা সকলো আজি কমতা-বাসিনি!
পৰাণৰ ভয় কৰি নাথাকিবা ৰই!