সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাণীৰ হাতত কিন্তু ক’তো ৰক্ষা নাই ।”
এই বুলি গই ৰাণী সেনাৰে সইতে
যৱন-সেনাৰ কোঠ কৰি আাক্রমণ,
ভীমা-মূৰ্ত্তি চণ্ডী যেনে দৈত্যৰ যুদ্ধত,
খণ্ড খণ্ড কৰি বহু কাটিলে যৱন।
যৱনৰ তেজে হ’ল কোঠ পঙ্কাকুল;
তিষ্ঠিব নোৱাৰি পাছে ৰাণীৰ যুদ্ধত,
যেনিয়ে তেনিয়ে গ’ল অৱশিষ্ট সেনা
যৱনৰ— ভয় পাই প্ৰাণৰ ভয়ত।
ধন্য ধন্য তুমি ৰানি! কমতা ঈশ্বৰী!
দেখালা বীৰতা আজি নাৰীৰ মৰ্ত্যত।
শতুৰুক ধ্বংশ কৰি অতুল সাহসে,
ৰাখিলা অক্ষয় কীৰ্ত্তি তুমি জগতত।
বীৰতা তোমাৰ দেখি, পুৰনী কালৰ
অতীত ঘটনা কত পৰেহি মনত;
সত্য, ত্ৰেতা, দ্বাপৰৰ কত কথা আনে
সোঁৱৰণী ধীৰে ধীৰে কত উলাহত।
ব্রিটনৰ সেনা হায়! তাহানি কালত,
কৰিছিলে অৱৰোধ আর্লিন নগৰ;
ষোল বছৰীয়া এটী ফৰাচী ছোৱালী
জোৱানে* পাছত আহি কৰিলে সমৰ।
হেৰুৱালে বিপক্ষক, ব্রিটন সেনাক,
আর্লিন কৰিলে ৰজা ভীমা মূৰ্ত্তি ধৰি;


* Joan d’ Arc.

</poem>}}