পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
কমতাপুৰ ধ্বংস কাব্য।

ভূমি লুটি সেৱা কৰি, ভকতি ভাৱেৰে
কৰিছে আইক আজি কত তুতি-নতি!
দেখি এনেকুৱা ভাব, আইৰ প্ৰতিমা,
আছে কি এনুৱা যাৰ নোপজে ভকতি?
বাজিছে পাৱত আহা! এপাহি পদুম
ত্ৰিভঙ্গ মুৰতি আই, ধৱল বৰনা;
সেউজীয়া সাজ তাতে জিলিকিছে গাত
অপুৰ বিভাৰে লই জেউতীৰ কনা!
“কচ্ছপী” বাজিছে আহা! হাতত ধুনীয়া
অতি সাদৰৰ বীণা ভাৰতী আইৰ
বাজে বাজে যেন লাগে অমিয়া সুৰেৰে,
দুৰ্ভগা কবিৰ কৰি অন্তৰ সুথিৰ!
সৰস্বতী পূজা আজি,-যাৰ কৰুণাত
আৰ্জ্জিলে অক্ষয় কীৰ্ত্তি কবি চেক্ষপীৰ,
ভাৰ্জ্জিল, হোমাৰ, দান্তে, অন্ধক মিল্টন,
কমতাত পূজা আজি সেই ভাৰতীৰ!
কৰিব নোৱাৰি হায়! ঠিক উচ্ছাৰন
“উষ্ট্ৰ” শবদৰ নিজ প্ৰিয়াৰ কাষত
পাই মহা অপমান, ত্যজি গৃহবাস,
অৰন্যত গই পাছে দুখ বেজাৰত
যাক পূজা কৰি পালে “কবিত্ব শকতি
ভাৰতীয় কালিদাসে, যাৰ চেনেহত
শকুন্তলা, "মেঘদূত’, "কুমাৰ সম্ভব ”
ৰঘুবংশ আদি কাব্য ৰচিলে পাছত