পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এই সাজ পাৰ আৰু মুকলি চুলিৰে
দেখিলে তোমাক বাই! বেগমে ভাবিব,
কমতা নগৰ বাসী তিৰুতা মানুহ
ভাল কই পিন্ধি উৰি নাজানে থাকিব৷”
এই বুলি কুঁৱৰীয়ে পিন্ধিলে উৰিলে,
বুৰীয়েও সাজ পাৰ পিন্ধিলে শলাই;
দলিছা, বানত, ধাৰি-কঠ মিহি পাটী
তামুলী চৰাত পাৰে কোঠালী ভৰাই
লাগিছে ৰানীৰ গাত উলহ-মালহ
বেগমক চাবলই গউৰ দেশৰ;
আহিব আহিব বুলি কত আশা কৰি
আছে তেওঁ উলাহেৰে ভৰাই অন্তৰ!
কিন্তু অকস্মাতে হায়! বজ্ৰাঘাত হ’লে
যিৰূপে নৰৰ প্ৰাণ কম্পমান হয়,
হঠাতে বাজত শুনি সেনাৰ কোঢ়াল,
সি ৰূপে ৰানীৰ কঁপি উঠিলে হৃদয়!
বেগা-বেগি কই ৰানী আহিলে ওলাই
পমিলী বুৰীয়ে স’তে দেখিলে বাজত;
আছে দোলা সুদা হই নহয় বেগম,
আহিছিল যোদ্ধা মাথোঁ দোলা-ভিতৰত!
মেলেচৰ ফাঁকি মাথোঁ, পাৰিলে বুজিব,
বুদ্ধি ছলনেৰে মাথোঁ ছলিলে যৱন!
তিৰুতা পঠাম বুলি পঠিয়াই সেনা
পেৰোৰাই ভিতৰত কৰে আক্ৰমন!