পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


চোৱা চকু মেলি নাথ! কমতা এন্ধাৰ আজি,
লয় পালে সকলো ভৰসা!
কোনে জানে, এনে হ’ব, সুখ-বেলি অস্ত যাব
অভাগীৰ কৰি এনে দশা॥
স্বামী কমতাৰ ৰজা, ৰজাৰ কুৱৰী মই,
আজি যেন নিশাৰ সপোন!
আঁতৰি আঁতৰি গ’ল সুখৰ সুন্দৰ ছবি,
কেলেশত কৰি নিমগণ॥
আৰু অভাগী কুঁৱৰী কাৰ পদ-সেবা কৰি
জীব এই সংসাৰ-মাজত।
য’লই গইছা তুমি, তলইকে যাম মই,
ছঁয়া হায়! থাকিব দেহত॥
এই দৰে শোকে বহু কান্দিলে কুঁবৰী
স্বামীৰ শোকত হিয়া-মূৰ ভুকুৱাই।
বিয়াকুল হই হায়! পমিলী বুৰীয়ে
বুলিব ধৰিলে পাছে ৰাণীলই চাইঃ—
“কি হ’ব কান্দিলে আই। আৰু নাকান্দিবা;
কান্দিয়ে কটালে কাল, একোকে নহয়।
ৰজাৰ দেহটী নিব লাগে শ্মশানত
কি হব থাকিলে অাৰু ৰই এনেক।”
এই বুলি পমিলীয়ে দোলা অনোৱাই,
ঢুলীয়া গায়নে স’তে, তুলিলে দোলাত
ৰজাৰ দেহাটী নিলে শ্মশানৰ ফালে
দুখে শোকে কান্দি কান্দি তুলিব চিতাত।